Friday, September 30, 2022
HomeMiscellaneousক্ৰীড়া বিশ্বত হিমন্ত বিশ্ব শৰ্মা

ক্ৰীড়া বিশ্বত হিমন্ত বিশ্ব শৰ্মা

সেয়া আছিল আশীৰ দশক। নগাঁও জিলাৰ কামপুৰৰ মৌজাদাৰ পৰিয়ালৰ এটা হাতীয়ে সিদিনা অংশ লৈছিল নিৰ্মীয়মাণ এখন অসমীয়া কথাছবিৰ দৃশ্যাংশত। হাতীৰ পিঠিত এটি শিশু, গানৰ দৃশ্যাংশত অভিনয় কৰা সেই শিশুটি আছিল পৰৱৰ্তী সময়ত ক্ৰীড়া বিশ্বত উজলি উঠা হিমন্ত বিশ্ব শৰ্মা। পিছে অভিনয় জগতে তাহানিৰ শিশু অভিনেতাজনক বান্ধি ৰাখিব নোৱাৰিলে। তেওঁ ঢাপলি মেলিলে ক্ৰীড়া আৰু সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰলৈ। অৱশ্যে ক্ৰীড়া ক্ষেত্ৰতকৈ ৰাজনৈতিক ক্ষেত্ৰতহে অধিক চৰ্চিত এইজন যুৱ ৰাজনীতিকে কৈশোৰৰ পৰাই নিজকে তুলি ধৰিছিল এজন ক্ৰীড়াৰসিক আৰু ক্ৰীড়া সংগঠক হিচাপে। শেহতীয়াকৈ এইজন ক্ৰীড়া সংগঠক বেডমিণ্টন এছিয়া কনফেডাৰেচনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে। ক্ৰীড়া বিশ্বৰ বাবে এই খবৰে কঢ়িয়াই আনিছে বহুতো আশা আৰু সম্ভাৱনাৰ আকৰ।

ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ পূৰ্বে হিমন্ত বিশ্বই গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ক্ৰিকেটৰ প্ৰশিক্ষণৰ সৈতে জড়িত হৈ পৰিছিল। গুৱাহাটী ক্ৰিকেট ক’চিং চেণ্টাৰত প্ৰশিক্ষক নবাব আলীৰ তত্ত্বাৱধানত তেওঁ লৈছিল ক্ৰিকেটৰ আদি পাঠ। ৮৩ চনৰ পৰা তেওঁ প্ৰায় চাৰি বছৰ কাল গুৱাহাটী ক্ৰিকেট ক’চিং চেণ্টাৰত প্ৰশিক্ষাৰ্থী আছিল। এই তথ্য প্ৰশিক্ষক নবাব আলীৰ। এই সময়ছোৱাত বেটিঙত তেওঁ যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল। এজন ভাল বেটছ্‌মেন হোৱাৰ সকলো সম্ভাৱনাই আছিল হিমন্ত বিশ্ব শৰ্মাৰ মাজত। সেই সময়ছোৱাত লতাশিল, দিছপুৰ আদি কৰি গুৱাহাটীৰ বিভিন্ন খেলপথাৰত অনুষ্ঠিত টুৰ্নামেণ্টসমূহৰ প্ৰায়বোৰতেই তেওঁ অংশগ্ৰহণ কৰিছিল। পঢ়া-শুনাত প্ৰচুৰ ধাউতি থকা শৰ্মাই অৱশ্যে পৰৱৰ্তী পৰ্যায়ত ক্ৰিকেটৰ পৰা আঁতৰি আহে। কম সময়ৰ ভিতৰতে ক্ৰিকেটৰ পৰা আঁতৰি আহিলেও খেলবিধৰ প্ৰতি তেওঁৰ দুৰ্বলতা কেতিয়াও আঁতৰি যোৱা নাছিল। সেয়ে তেওঁ এতিয়াও ক্ৰিকেট খেলৰ প্ৰশিক্ষণৰ সৈতে নিজকে জড়িত কৰি ক্ৰিকেট প্ৰশিক্ষণৰ পদ্ধতি আৰু প্ৰক্ৰিয়াৰ উত্তৰণৰ বাবে চেষ্টা কৰি আহিছে। নিজকে জড়িত কৰিছে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত স্প’ৰ্টছ ক্লাব ‘গুৱাহাটী টাউন ক্লাব’ৰ সৈতেও। কেইগৰাকীমান সুদক্ষ ব্যক্তিৰ সহযোগত গুৱাহাটী টাউন ক্লাবৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ প্ৰচেষ্টা চলাই আহিছে আমাৰ আলোচ্য হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ মাজতে অসম অলিম্পিক সন্থাৰ সৈতে জড়িত হোৱা হিমন্ত বিশ্বই এদিন অসম বেডমিণ্ট×ন সন্থাৰ নেতৃত্ব গ্ৰহণ কৰিলে। বেডমিণ্টন সন্থাৰ ৰাজ্যিক সভাপতি হৈ থকাৰ মাজতেই এইজন ক্ৰীড়া সংগঠকে গ্ৰহণ কৰিবলগীয়া হ’ল ভাৰতীয় বেডমিণ্টন সন্থাৰ অধ্যক্ষৰ পদ। এই দুয়োটা পদৰ সফলতাই শেহতীয়াকৈ তেওঁলৈ আনিলে আন এক সন্মান। সেয়া হ’ল  বেডমিণ্টন এছিয়া কনফেডাৰেচনৰ উপ-সভাপতিৰ পদ। নিশ্চিতভাৱে অসমৰ বেডমিণ্ট×ন ক্ষেত্ৰখনৰ লগতে সামগ্ৰিকভাৱে ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি ই এক অনন্য সন্মান। কনফেডাৰেচনৰ ৪৩জন সন্মানীয় সদস্যৰ মাজত হিমন্ত বিশ্বও অন্যতম। ভাৰতৰ লগতে অসমৰ বেডমিণ্টনক সুকীয়া মাত্ৰা প্ৰদানৰ বাবে এইজন ক্ৰীড়াবিদৰ বাবে ই এক সুযোগ। এই সুযোগৰ সদ্‌ব্যৱহাৰে দেশৰ বেডমিণ্টনৰ লগতে অসমৰ বেডমিণ্টনৰ প্ৰতিচ্ছবিখন অচিৰেই সলনি হ’ব। এই আশা অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ। ক্ৰীড়াৰ ক্ষেত্ৰত তাহানিৰ পৰাই অসম আছিল আগৰণুৱা। দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ক্ৰীড়াক্ষেত্ৰত অসমে প্ৰতিদ্বন্দ্বিতা কৰিছিল। দেশক প্ৰতিনিধিত্ব কৰাৰ বাবেও বহু সময়ত অসমৰ খেলুৱৈয়ে সুযোগ লাভ কৰিছিল। বিভিন্ন খেলত অসমৰ খেলুৱৈয়ে দেশৰ হৈও প্ৰতিনিধিত্ব কৰিছিল। এনে খেলুৱৈৰ সংখ্যা আঙুলিমূৰত লেখিব নোৱাৰি। পিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি বুলিবলৈ বিশেষ একো নাছিল। ক্ৰীড়া সংগঠক যে নাছিল এনেও নহয়। প্ৰয়াত নুৰুল আমিনকে ধৰি কেইবাজনো অসমীয়াই ক্ৰীড়া সংগঠক হিচাপে ক্ৰীড়া বিশ্বৰ দৃষ্টি কাঢ়িছিল। তাৰ মাজতো কিবা যেন নাছিল। আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ইচ্ছা থকা সত্ত্বেও সুযোগ পোৱা নাছিল সেইসকল ক্ৰীড়া সংগঠকে। ফলত সুযোগ পোৱা সত্ত্বেও অসমৰ খেলুৱৈয়ে ৰাজ্যখনৰ বাবে, দেশখনৰ বাবে পদক জয় কৰিবলৈ বহু কষ্ট স্বীকাৰ কৰিব লগা হৈছিল। আশীৰ দশকৰ পিছৰ পৰাহে অসমৰ খেলুৱৈয়ে বিশেষ কৃতিত্বৰ পৰিচয় দিব পাৰিছে। হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক ক্ষেত্ৰত এজন সফল নেতা বুলিয়েই স্বীকৃত আৰু চিহ্নিত হৈছে দেশৰ ভিতৰে বাহিৰে। ক্ৰীড়া বিশ্বতো এইজন সংগঠক খুবেই সফল। অসম ক্ৰিকেট সন্থা, অলিম্পিক সন্থা, বেডমিণ্টন সন্থা আদিৰ সৈতে জড়িত হৈ এইজন ৰাজনীতিকে ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁথনিৰ বাবেও চেষ্টা কৰিব বুলি আশা কৰিব পাৰি। হিমন্ত বিশ্ব শৰ্মালৈ আমিও জনালো আন্তৰিক অভিনন্দন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments