Tuesday, October 4, 2022
HomeNewsক্ৰীড়া ভাৰতী, গুৱাহাটীৰ উদ্যোগত ভাৰত জাগো দৌৰ

ক্ৰীড়া ভাৰতী, গুৱাহাটীৰ উদ্যোগত ভাৰত জাগো দৌৰ

ক্ৰীড়া ভাৰতী, গুৱাহাটীৰ উদ্যোগত ভাৰত জাগো দৌৰ

অলিম্পিয়া প্ৰতিবেদন: ক্ৰীড়া ভাৰতী, গুৱাহাটীৰ উদ্যোগত ভাৰত জাগো দৌৰ । চাৰি শতাধিক ছাত্ৰ ছাত্ৰী, ক্ৰীড়াপ্ৰেমীৰ অংশগ্ৰহণ । স্বামী বিবেকানন্দৰ ঐতিহাসিক চিকাগো ভাষণক স্মৰণ ।

সমগ্ৰ দেশৰ লগতে ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰৰ উদ্যোগত দেওবাৰে ভাৰত জাগো দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ১৮৯৩ চনত আমেৰিকাৰ চিকাগো চহৰৰ এক ধৰ্মীয় সভাত স্বামী বিবেকানন্দই যি ঐতিহাসিক ভাষণ দিছিল সেই বিশেষ দিনটোৰ সোঁৱৰণত এই কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

ভাৰত জাগো দৌৰৰ ফ্লেগ অফ কৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্যসচিব গীতাৰ্থ গোস্বামীয়ে । প্ৰায় ৪০০ ছাত্র- ছাত্ৰী আৰু ক্ৰীড়াপ্ৰেমীয়ে অংশগ্ৰহণ কৰা এই দৌৰ দীঘলীপুখুৰীৰ মূল গেটৰ পৰা আৰম্ভ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়, লতাশিল খেলপথাৰেদি পুনৰ দীঘলীপুখুৰীৰ মূল গেটত সমাপ্ত হয় ।

ভাষণ প্ৰসংগত গীতাৰ্থ গোস্বামীয়ে ৰাজ্যত ক্ৰীড়াৰ বিকাশৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰে । পুৱা বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানৰ আঁত ধৰে ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰৰ সম্পাদক চিৰঞ্জীৱ শৰ্মাই । অনুষ্ঠানত ক্ৰীড়া ভাৰতী মহানগৰ সমিতিৰ সকলো
কৰ্মকৰ্তা উপস্থিত থাকে ।

ক্ৰীড়া ভাৰতী, গুৱাহাটীৰ উদ্যোগক শলাগিছে ক্ৰীড়া অনুৰাগীয়ে । ক্ৰীড়া ভাৰতীৰ প্ৰচেষ্টাত অসমৰ গাঁৱে-ভূঞে গা কৰি উঠিক সুস্থ ক্ৰীড়া বিপ্লৱ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments