অলিম্পিয়াৰ প্ৰতিবেদন
যোৱা ২৫ অক্টোবৰ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দৰঙ জিলাৰ বিশিষ্ট ক্ৰীড়া সংগঠক চন্দ্ৰ কুমাৰ শৰ্মাক ২০২০বৰ্ষৰ Assam Inspirational Award প্ৰদান কৰা হয়। দৰং জিলাৰ হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক চন্দ্ৰ কুমাৰ শৰ্মাই ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবেই তেওঁক Times Now অসমে এই বঁটা প্ৰদান কৰিছে। উল্লেখযোগ্য যে চন্দ্ৰ কুমাৰ শৰ্মাৰ নেতৃত্বত হাজৰিকাপাৰাত এক সুস্থ ক্ৰীড়াৰ পৰিৱেশ গঢ়লৈ উঠাৰ লগতে অঞ্চলটোৰ পৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ। এই হাজৰিকাপাৰাতে অনুষ্ঠিত হয় সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা।