Thursday, July 7, 2022
HomeNewsক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাসৰ "ক্ৰীড়াংগনত এজাক সপোনৰ সদাগৰ" উন্মোচন

ক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাসৰ “ক্ৰীড়াংগনত এজাক সপোনৰ সদাগৰ” উন্মোচন

সুদীৰ্ঘ ৪০ বছৰ ধৰি সংবাদ সেৱাৰ লগত জড়িত হৈ থকা অসমৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাসৰ সম্পাদিত আৰু অলিম্পিয়া প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ “ক্ৰীড়াংগনত এজাক সপোনৰ সদাগৰ” আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ যি স্বপ্ন সেই অনুৰূপ স্বপ্ন বুকুত বান্ধি ৰাখিছে অসমৰ বহু কেইজন ক্ৰীড়াবিদৰ লগতে ক্ৰীড়ানুৰাগী ব্যক্তিয়ে। এনে একাংশ ক্ৰীড়াবিদ আৰু ক্ৰীড়ানুৰাগীয়ে অসমৰ ক্ৰীড়া ক্ষেত্ৰক লৈ দেখা স্বপ্নকে সংগঠিত ৰূপ দি সাংবাদিক জয়ন্ত কুমাৰ দাসে সম্পাদনা কৰি উলিয়াইছে “ক্ৰীড়াংগনত এজাক সপোনৰ সদাগৰ নামৰ গ্ৰন্থখন।”

গুৱাহাটী প্ৰেছ ক্লাবত ক’ভিড প্ৰ’টকল বৰ্তাই ৰাখি অনুষ্ঠিত কৰা এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, ‘অলিম্পিয়া’ ক্ৰীড়া আলোচনীৰ সম্পাদক তথা অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, জ্যেষ্ঠ আৰক্ষী বিষয়া মুকুল শ‌ইকীয়া, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুয্য বৰুৱা, ক্ৰীড়া ভাৰতীৰ অমল ডেকাই গ্ৰন্থখন উন্মোচন কৰে।

আনহাতে এই সভাত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ উপ সভাপতি তথা চেপাক টাক্ৰ’ সন্থাৰ সম্পাদক বিষ্ণুৰাম নুনিছা, সৰ্বভাৰতীয় হেণ্ডবল সন্থাৰ সন্থাৰ উপ সভাপতি অমল নাৰায়ণ পাটোৱাৰী, হোটেল পাৰ্ক এভিনিউৰ স্বত্বধিকাৰী তথা ক্ৰীড়ানুৰাগী অমৰেন্দ্ৰ ফুকন, অলিম্পিয়া প্ৰকাশনৰ স্বত্বধিকাৰী চিৰঞ্জীৱ শৰ্মা, প্ৰবীণ ক্ৰিকেট সন্থাৰ সম্পাদক নাছিৰ গুল খানকে ধৰি বহু কেইজন ব্যক্তি।

এই গ্ৰন্থ উন্মোচনী সভাতেই অসমৰ ক্ৰীড়া ইতিহাস সংৰক্ষণৰ বিষয়টোৱেও চৰ্চা লাভ কৰাৰ লগতে গ্ৰন্থানৰ প্ৰকাশক গোষ্ঠী অলিম্পিয়াই দীৰ্ঘদিন ধৰি ক্ৰীড়া সাহিত্য প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰি যি পদক্ষেপ হাতত লৈছে তাক সকলোৱে প্ৰশংসা কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments