Wednesday, October 5, 2022
HomeNewsক'ৰনাতংক : স্থবিৰ হৈ পৰিছে দেশৰ লগতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰ

ক’ৰনাতংক : স্থবিৰ হৈ পৰিছে দেশৰ লগতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰ

https://olympiasports.in/

চীনৰ ইউনান প্ৰদেশৰ পৰা সমগ্ৰ বিশ্বলৈ সংক্ৰমণ ঘটা ক’ৰনা ভাইৰাছে ইতিমধ্যে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।কৰ’নাৰ আতংকৰ বাবেই বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ প্ৰধান চহৰসমূহৰ জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে। ইতিমধ্যে এই ভাইৰাছত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বৰ সাত হাজাৰতকৈ অধিক লোক নিহত হৈছে। প্ৰদতিদিনে বৃদ্ধী পাইছে আক্ৰান্তৰ সংখ্যা।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে। বৰ্তামানলৈকে ভাৰতত তিনিজন লোক এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ লগতে আক্ৰান্ত হৈছে ১৩৭ জন। মেডিকেল চায়েন্সৰ ভাষাত ভাৰত ক’ৰনাৰ দ্বিতীয় পৰ্যায়ত আছে। আনহাতে অসমত আকৌ এতিয়ালৈকে ক’ৰনা আক্ৰান্ত লোক চিনাক্ত হোৱা নাই যদিও বিগত ২৪ ঘণ্টাত ৫ জন লোকক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। বৰ্তমানলৈকে অসমৰ ৬৬৫ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ১৩ জন ব্যক্তিক ডাক্তৰৰ নিৰীক্ষণত ৰখা হৈছে।

ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰেও কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।মেডিকেল চায়েন্সৰ ভাষাত ক’ৰনাৰ তৃতীয় পৰ্যায় অতি ভয়ংকৰ। ভাৰত বৰ্তমান দ্বিতীয় পৰ্যায়ত আছে। এই পৰ্যায়ত ভয়ংকৰ অৱস্থাৰ সৃষ্টি নহয় যদিও উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে শীঘ্ৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰবল। সেয়ে ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে বিভিন্ন সজাগতাৰ সৃষ্টি কৰাৰ লগতে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।সেই অনুসৰি কোনো কাৰনতে যাতে জনসমাগমৰ সৃষ্টি হ’ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

চৰকাৰৰ এনে পদক্ষেপৰ বাবে দেশৰ ক্ৰীড়া ক্ষেত্ৰ এতিয়া প্ৰায় স্তব্ধ হৈ পৰিছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। ক’ৰনাৰ আতংকৰ বাবেই চৰকাৰে প্ৰথমে বন্ধ ষ্টেডিয়ামত প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। সেই অনুসৰি ভাৰত- দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথমখন এদিনীয়া দৰ্শকবিহীন ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ পিছত পৰবৰ্তী আটাইকেইখন মেচ বাতিল কৰা হৈছে। ইয়াৰ উপৰিও আই পি এল, ইণ্ডিয়ান অপেন, শ্বুটিং বিশ্বকাপ আদি স্থগিত ৰাখিবলৈ বাধ্য হৈছে।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ উপৰিও অসমৰ ক্ৰীড়া ক্ষেত্ৰটো ক’ৰনাই প্ৰভাৱ বিস্তাৰ কৰিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসমৰ সকলো জিম, চুইমিং পুল বন্ধ ৰখা হৈছে।ইয়াৰ উপৰিও অসম ক্ৰিকেট সন্থা, অসম অলিম্পিক সন্থাৰ অন্তৰ্গত বহু কেইটা ক্ৰীড়া সংস্থাই তেওঁলোকৰ নিৰ্ধাৰিত সূচীৰ সালসলনি কৰিবলৈ বাধ্য হৈছে।বাতিল কৰিছে বিভিন্ন প্ৰতিযোগিতা।

অসম ক্ৰিকেট সন্থাই তেওঁলোকৰ আন্তঃগাঁথনি উন্নয়ন পুজিৰ অধিনত বাংলাদেশৰ অনূৰ্ধ্ব ১৬ ক্ৰিকেট দলক অসম ভ্ৰমণৰ বাবে আমন্ত্ৰন জনাইছিল। সেই অনুসৰি চলিত মাহৰ ১৬ মাৰ্চৰ পৰা অসম দলটোৰ লগত তিনিখন ৫০ অভাৰৰ আৰু তিনিখন তিনিদিনীয়া মেচৰ সূচী তৈয়াৰ কৰা হৈছিল। কিন্তু ক’ৰনাৰ আতংকৰ বাবেই বাংলাদেশ দলটোৰ অসম ভ্ৰমণ বাতিল হোৱাৰ উপৰিও শৃংখলটো স্থগিত ৰাখিবলৈ বাধ্য হৈছে। ইয়াৰ উপৰিও অসম ক্ৰিকেট সন্থাই চলিত মাহত অনুষ্ঠিত কৰি আছিল মণ্ডল পৰ্যায়ত বহু কেইখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ক’ৰনা ভাইৰাছৰ আতংকৰ বাবে এই প্ৰতিযোগিতাসমূহ বাতিল কৰিবলৈ বাধ্য হৈছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই জনাই যে অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট সম্পৰ্কীয় সকলো কাম-কাজ সাময়িকভাৱে স্থগিত ৰখা হৈছে।

গুৱাহাটীৰ পল্টানবজাৰস্থিত চাই কেন্দ্ৰৰ সঞ্চালক সুভাষ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ সকলোধৰণৰ প্ৰশিক্ষণ ১৬ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ বন্ধ কৰাৰ কথা অৱগত কৰিছে।

অসম অলিম্পিক সন্থায়ো চলিত মাহৰ ২২ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰখনো ক’ৰনা ভাইৰাছৰ বাবেই বাতিল কৰিবলগীয়া হৈছে। অসম অলিম্পিক সন্থাই এই সম্পৰ্কে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।

ক’ৰনা ভাইৰাছৰ বাবেই স্থগিত ৰাখিবলগীয়া অসমৰ আন কেইখনমান গুৰুত্বপুৰ্ণ প্ৰতিযোগিতা হ’ল টি জি বৰুৱা সোঁৱৰণী ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা, আৰ জি বৰুৱা সোঁৱৰণী মিঃ শৰাইঘাট বডী বিল্ডিং চেম্পিয়নশ্বিপ, তিনিচুকীয়া জিলা ৰোল বল প্ৰতিযোগিতা, কামৰূপ জিলা পাঞ্জা প্ৰতিযোগিতা আদি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments