Thursday, July 7, 2022
HomeNewsকৰ'নাৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিলৈ ঋষভ পণ্টৰ বিশেষ আহ্বান

কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিলৈ ঋষভ পণ্টৰ বিশেষ আহ্বান

আই পি এলৰ দিল্লী কেপিটেলছে ধাৰাবাহিকভাৱে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি জনসাধাৰণক সচেতন কৰবিলৈ প্ৰচেষ্টা হাতত লৈ আহিছে। দলটোৱে সামাজিক মাধ্যমৰ জৰিয়তে ধাৰাবাহিকভাৱে এই সময়ছোৱাত এজনে আনজনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই আহিছে। দলটোৱ এনে জনসচেতনাতামূলক বহু কেইটা ভিডিঅ’ টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ দৰে সামাজিক মাধ্যমৰ প্লেট ফৰ্মত আপলোড কৰিছে। শেহতীয়াকৈ দলটোৰ অধিনায়ক ঋষভ পণ্টৰ এক ভিডিঅ’ দলটোৱে তেওঁলোকৰ অফিচিলেয় টুইটাৰ, ফেচবুক আদিৰ একাউণ্টত আপলোড কৰিছে । য’ত ঋষভে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিক প্লাজমা দান কৰিবলৈ অনুৰোধ কৰিছে । মনকৰিবলগীয়া যে শেহতীয়াকৈ কৰ’নাত আক্ৰান্ত ভাৰতীয়ৰ সংখ্যাই ৰেকৰ্ড সৃষ্টি কৰিছে। যাৰ বাবে কৰ’নাত আক্ৰান্ত হোৱা ব্যক্তিক আৰোগ্য কৰি তোলাৰ ক্ষেত্ৰত প্লাজমাৰ প্ৰয়োজন হৈছে। প্লাজমা দানৰে আন কৰ’না আক্ৰান্তৰ জীৱন ৰক্ষা কৰিব পাৰি।

দলটোৱে তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউণ্টত আপলোড কৰা ভিডিঅ’টোত অধিনায়ক পণ্টে কৈছে, যোৱা কেইটামান মাহত ভাৰতত কভিড-১৯ ত আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি হৈছে।যদি আপুনি ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে তেনে অনুগ্ৰহ কৰি যাওঁক আৰু প্লাজমা দান কৰক। ইয়াৰ উপৰিও ক’ভিড সংক্ৰান্তত ভুল বাৰ্তা প্ৰেৰণ নকৰিবলৈও পণ্টে সকলোকে অনুৰোধ জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments