অলিম্পিয়াৰ প্ৰতিবেদন
কৰ’না ভাইৰাছৰ বাবে পাকিস্তান আৰু অষ্ট্ৰেলিয়া ৰ পিছত এতিয়া ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ আৰ্থিকস্থিতি অতি দুৰ্বল হৈ পৰিছে। যাৰ বাবে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে তেওঁলোকৰ ২০ শতাংশ কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰিবলৈ আগবাঢ়িছে।
ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ টম মৰিচনে এইবিষয়ত কয় যে, কৰ’নাৰ বাবে এতিয়ালৈকে ক্ৰিকেটে ১০০ মিলিয়ন পাউণ্ড (৯৫০ কোটি টকা) লোকচানৰ সন্মুখীন হৈছে। যদি এই মহামাৰী ২০২১ চনলৈকে চলি থাকে তেনে ২০০ পাউণ্ড (১৯০০ কোটি টকা)ৰ লোকচানৰ সন্মুখীন হ’ব লাগিব।
মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৫ জন কৰ্মচাৰীৰ চাকৰিৰ কৰ্তন কৰাৰ উপৰিও অদক্ষ আৰু অপ্ৰয়োজনীয় কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।
আনহাতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ব’ৰ্ডে ৮০ শতাংশ আগষ্টলৈকে মাত্ৰ ২০ শতাংশ দৰমহা দিয়াৰ উপৰিও কেইবাজনো ষ্টাফৰ চাকৰি কৰ্তন কৰিছে। আনকি অষ্ট্ৰেলিয়া ক্ৰিকেট ব’ৰ্ডে নিজৰ কেইজনমান কৰ্মচাৰীৰ বাবে চুপাৰ মাৰ্কেটত তিনি মাহৰ বাবে চাকৰি বিচৰাৰো খবৰ প্ৰকাশ পাইছে।