Tuesday, October 4, 2022
HomeNewsক'ৰোনাতংক : অসম-বা‌ংলাদেশৰ খেল বাতিল

ক’ৰোনাতংক : অসম-বা‌ংলাদেশৰ খেল বাতিল

অসম ক্ৰিকেট সন্থাৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটী ভ্ৰমণ কৰিবলগীয়া বা‌ংলাদেশ ক্ৰিকেট দলৰ গুৱাহাটী ভ্ৰমণ সাময়িকভাৱে স্থগিত ৰখা হৈছে। ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে সকলো দেশৰ নাগৰিকৰে ভিছা সাময়িক ভাৱে বাতিল কৰাৰ বাবেই এই ভ্ৰমণ বাতিল হৈছে।

অসম ক্ৰিকেট সন্থাই আন্তঃগাঠনি উন্নয়ন আঁচনিৰ অধিনত বাংলাদেশৰ অনূৰ্ধ্ব ১৬ ক্ৰিকেট দলক গুৱাহাটীলৈ আমন্ত্ৰণ জনাইছিল। দলটোৱে ২০ মাৰ্চৰ পৰা ২২ এপ্ৰিললৈ অসম দলৰ সৈতে তিনিখন তিনিদিনীয়া আৰু তিনিখন ৫০ অভাৰৰ শৃংখলাত ভাগলোৱাৰ কথা আছিল।

অসম ক্ৰিকেট সন্থাৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটী এই দুই শৃংখলাত অংশগ্ৰহণ কৰিবলগীয়া বাংলাদেশ দলটোৰ ভ্ৰমণ সূচী এতিয়া সাময়িকভাৱে বাতিল কৰা হৈছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো মাৰাত্মক ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবেই অনূৰ্ধ্ব১৬ বাংলাদেশ দলটোৰ গুৱাহাটী ভ্ৰমণ বাতিল হৈছে। ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে শেহতীয়াকৈ ১৫ এপ্ৰিললৈকে সকলো দেশৰ নাগৰিকৰে ভিছা সাময়িক ভাৱে বাতিল কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত দলটোৰ গুৱাহাটী ভ্ৰমণ বাতিল হোৱাৰ লগতে দুয়োখন শৃংখলা স্থগিত ৰাখিবলৈ আয়োজক অসম ক্ৰিকেট সন্থা বাধ্য হৈছে।

অসম ক্ৰিকেট সন্থাই এক প্ৰেছ বিজ্ঞপতিৰ জৰিয়তে ১৫ এপ্ৰিলৰ পিছত পুনৰ বাংলাদেশৰ অনূৰ্ধ্ব ১৬ দলটোক গুৱাহাটী আমন্ত্ৰণ কৰি শৃংখলা দুয়োখন অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments