Friday, September 30, 2022
HomeNewsক'ৰোনাতংক : মেছিয়ে ক'লে এইদৰে...

ক’ৰোনাতংক : মেছিয়ে ক’লে এইদৰে…

https://olympiasports.in/

মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰ প্ৰায় স্তব্ধ হৈ পৰিছে।বহু কেইগৰাকী ক্ৰীড়াবিদ এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হোৱাৰ খবৰো বিয়পি পৰিছে। ক’ৰোনাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ববাসীলৈ কিছু পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ মাজতে আকৌ ক্ৰীড়াবিদসকলেও তেওঁলোকৰ অনুগামীসকলক উদ্দেশ্য কৰি কেতবোৰ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে।এইসকল ক্ৰীড়াবিদৰ ভিতৰত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিয়নেল মেছিও অন্যতম।

বিশ্বৰ বিভিন্ন আগশাৰীৰ ফুটবল প্রতিযোগিতা স্পেনিছ ফুটবল লীগ আৰু লা লিগা সাময়িকভাৱে বাতিল কৰাত বার্চিলোনাৰ ছুপাৰষ্টাৰ মেছিয়ে বৰ্তমান নিজ গৃহত পৰিয়ালৰ সৈতে সময় পাৰ কৰিছে৷ ক’ৰোনা ভাইৰাছৰ এই আতংকৰ মাজতে এইগৰাকী ফুটবলাৰে তেওঁৰ অনুগামীক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূৰ্ণ কথা কৈছে।

” বিশ্বৰ ক্রীড়া ক্ষেত্রক স্তব্ধ কৰি তোলা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ আমি সকলোৱে সজাগ আৰু সচেষ্ট হোৱা উচিত৷ সমগ্র বিশ্বৰ বাবে এয়া এক জটিল ক্ষণ৷ ভাইৰাছৰ আতংকৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ সকলোৱে ঘৰত আবদ্ধ হৈ থাকি স্বাস্থ্যৰ ক্ষেত্রত সজাগতা অৱলম্বন কৰাটো এতিয়া সময়ৰ আহ্বান৷স্বাস্থ্য ৰক্ষা আমাৰ সকলোৰে প্রধান আৰু প্রথম কর্তব্য হোৱা উচিত৷ এয়া আমাৰ বাবে এক জটিল ক্ষণ আৰু এই ক্ষণত আমি সকলোৱে স্বাস্থ্য সংস্থাসমূহৰ পৰামর্শ অনুসৰণ কৰা উচিত৷ এয়া হ’ল আমি দায়বদ্ধ হোৱাৰ সময় আৰু ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকি পৰিয়ালৰ সৈতে সময় কটোৱাৰ উৎকৃষ্ট সুযোগ৷” এইদৰে কয় মেছিয়ে।

https://www.instagram.com/p/B9t8tu4KeYK/?utm_source=ig_web_copy_link

উল্লেখ্য যে

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments