Friday, September 30, 2022
HomeNewsকৰ্পোৰেট বক্স ক্ৰিকেট : 'চাই পিয়ো' চেম্পিয়ন

কৰ্পোৰেট বক্স ক্ৰিকেট : ‘চাই পিয়ো’ চেম্পিয়ন

কৰ্পোৰেট বক্স ক্ৰিকেট : ‘চাই পিয়ো’ চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন: স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টে আয়োজন কৰা কৰ্পোৰেট বক্স ক্ৰিকেটত ‘চাই পিয়ো’ দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ৷ ১০ আৰু ১১ ছেপ্টেম্বৰত বেলতলাৰ এৰেনা ২৮ ত আয়োজিত এই প্ৰতিযোগিতাত ১২ টা দলে অংশ লৈছিল । ফাইনেলত ‘চাই পিয়ো’এ ‘সমৃদ্ধি’ক পৰাস্ত কৰি চেম্পিয়নৰ ট্ৰফী আৰু নগদ ২৫ হেজাৰ টকা লাভ কৰে ৷

ৰাণাৰ্ছ আপ ‘সমৃদ্ধি’য়ে ট্ৰফী আৰু নগদ ১৫ হাজাৰ টকা লাভ কৰে ৷ শুভম গোয়েলে শ্ৰেষ্ঠ বেট্‌ছমেন আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ৷ ৰোছন শ্বাহে শ্ৰেষ্ঠ বলাৰৰ বঁটা লাভ কৰে ৷ অংশগ্ৰহণ কৰা আন দলকেইটা হ’ল ন’ভ’টেল, ৰেডিছন ব্লু, এপিজিচিএল, ব্লু ষ্টাৰ, আইচিআইচিআই বেংক, টাইম এইট, কৃষ্ণ অৰ্গেনিক, এছজি ল প্লাছ আৰু জগন্নাথ এডভাৰ্টাইজিং ৷ এৰিনা ২৮ৰ প্ৰতিষ্ঠাপক মৃদুল ৰঞ্জন দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments