Monday, October 3, 2022
HomeNewsখাকান আহমেদ আন্তঃজিলা ক্ৰিকেটত শিলচৰ চেম্পিয়ন

খাকান আহমেদ আন্তঃজিলা ক্ৰিকেটত শিলচৰ চেম্পিয়ন

এফ আৰ ক্ৰিকেট ষ্টেডিয়াম আৰু লতাশিল খেলপথাৰত অনুষ্ঠিত খাকান আহমেদ অনুৰ্ধ ১৯ বৰ্ষৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত শিলচৰে চেম্পিয়নৰ খিতাপ লাভ কৰে। আজি লতাশিল খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ ৰোমাঞ্চকৰ ফাইনেলত শিলচৰে ১১১ ৰানৰ বৃহৎ ব্যৱধানত চিৰাঙক পৰাস্ত কৰি ২০২০ বৰ্ষৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আজি পোনতে চিৰাঙে টছত জয় লাভ কৰি শিলচৰক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। শিলচৰে অমন সিঙৰ বিস্ফোৰক ৯৪ ৰান আৰু বসন্ত কুমাৰৰ ৪৪ ৰানৰ সহায়ত নিৰ্ধাৰিত অভাৰত ১৯৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। চিৰাঙৰ বিনোদ সৰকাৰে ১৮ ৰান ব্যয় কৰি ৪ টা উইকেট দখল কৰে। ১৯৬ ৰানৰ লক্ষ্য আগত লৈ চিৰাঙে আটাইকেইটা উইকেট হেৰুৱাই কেৱল ৮৫ ৰানত ইনিংছ সামৰিবলৈ বাধ্য হয়। শিলচৰৰ হৈ শুভজিত পালে ১৮ ৰানত চাৰিটা উইকেট দখল কৰিবলৈ সক্ষম হয়।মেচখনত অমন সিঙে মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰাৰ বিপৰীতে শুভজিত পালে মেন অৱ দ্য চিৰিজৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। খিতাপ জয় কৰা শিলচৰৰ দলটোক বিজয়ী ট্ৰফী প্ৰদান কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰে। মেচৰ অন্যান্য ট্ৰফীসমূহ প্ৰদান কৰে অবিনাশ যোশী, অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক ধৰ্মকান্ত মিলি, পৰীক্ষিত দত্ত, জাভেদ জামান আদি বিশিষ্ট লোকসকলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments