Tuesday, October 4, 2022
HomeMiscellaneousখাকী পোছাকৰ আঁৰৰ জিমনাষ্টজন

খাকী পোছাকৰ আঁৰৰ জিমনাষ্টজন

২০১৬ চনৰ ১৪ আগষ্টৰ দিনা সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আছিল দীপা কৰ্মকাৰৰ ওপৰত। জিমনাষ্টিক কিমান বুজি পায়, নাপায় তালৈ ভাৰতবাসীৰ কোনো ভ্ৰূক্ষেপ নাছিল। চাব লাগে, কেনেবাকৈ মেডেল এটা আহিব লাগে।

কেতিয়ানো জিমনাষ্টিকে ভাৰতীয় ক্ৰীড়াপ্ৰেমীক প্ৰথমবাৰৰ বাবে সামগ্ৰিকভাৱে আকৰ্ষিত কৰিছিল সেয়া মই মতামত পোষণ কৰাটো অনুচিত হ’ব। অনুমান কৰিব পাৰো বাৰু। কৰি চাওঁ দিয়ক।

যদি বৰ বেছি আগলৈ নাযাওঁ।

হয়তোবা ২০১৬ চনৰ ৰিঅ’ অলিম্পিক …দীপা কৰ্মকাৰ …বাকীখিনি নক’লেও হ’ব …সৌ সিদিনাৰ কথা।

যদি তাৰ আগলৈ যাওঁ, তেনেহ’লে হয়তো ১৯৮৪ চনৰ লছ এঞ্জেলছৰ অলিম্পিক… সেইবাৰেই ভাৰতবাসীয়ে প্ৰথমবাৰৰ বাবে টিভিৰ পৰ্দাত পুৰুষৰ শাখাত চীনদেশৰ লি নিং তথা মহিলাৰ শাখাত আমেৰিকাৰ মেৰী লৌ ৰৌটন, ৰোমানিয়াৰ একেথেৰিনা ছাণ্ডো আদিৰ বিস্ময়কৰ প্ৰদৰ্শন… যদি তাৰ আগলৈ যাওঁ, তেনেহ’লে হয়তোবা ১৯৭৬ চনৰ মণ্ট্ৰেইল অলিম্পিকছ… নাদিয়া কোমানিছৰ পাৰফেক্ট টেন (perfect 10) মোৰ ধাৰণা এনে কোনো এক অলিম্পিকতেই জিমনাষ্টিকে ভাৰতীয়সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

পাছে গুগল কৰোতে ওলাল আন এজন ভাৰতীয় জিমনাষ্টৰ বিষয়ে, যাৰ নাম— কেপ্টেইন অনন্ত ৰাম ডোগৰা।

কেপ্টেইন অনন্ত ৰাম ডোগৰা··

কোন তেওঁ·

কেপ্টেইন ডোগৰা হৈছে সেইজন জিমনাষ্ট, যি এতিয়ালৈকে দুখন অলিম্পিকত ভাৰতৰ হৈ ভাগ ল’বলৈ সক্ষম হৈছিল, ১৯৫৬ চনৰ মেলবৰ্ন তথা ১৯৬৪ চনৰ টকিঅ’ অলিম্পিকছ। দৰাচলতে ১৯৬০ চনৰ ৰোম অলিম্পিকৰ বাবেও কেপ্টেইন ডোগৰা নিৰ্বাচিত হৈছিল। সেই অলিম্পিকৰ বাবে পাতিয়ালাত শিবিৰ চলি থাকোতেই সেনাই জৰুৰীকালীনভাৱে সকলো ছুটী বাতিল কৰাৰ বাবে সেইবাৰ ভাৰতে অলিম্পিকলৈ জিমনাষ্টিকছত কোনো দল পঠিয়াব নোৱাৰিলে।

এটা কথা ঠিক যে অংশগ্ৰহণ কৰা দুই অলিম্পিকতেই কেপ্টেইন ডোগৰাৰ প্ৰদৰ্শন বৰ চকুত লগা বিধৰ নাছিল যদিও ভাৰতত সেই সময়ত জিমনাষ্টিক তেনেই চালুকীয়া অৱস্থাত আছিল। কিমান ভাৰতীয়ই জিমনাষ্টিক বুলি এবিধ খেল আছে বুলি জানিছিল তাৰ ওপৰতেই সন্দেহ আছিল। তেনে অৱস্থাৰ পিছতো এজন ভাৰতীয় জিমনাষ্টে দুবাৰকৈ অলিম্পিকলৈ নিৰ্বাচিত হোৱা কথাটোৱেই এটা সাফল্য বুলি গণ্য কৰিব পৰা যায়।

হিমাচল প্ৰদেশৰ মূল নিৱাসী অনন্ত ৰাম ডোগৰাই ১৯৪৭ চনত আম্বালা কেণ্টনমেণ্টত হাবিলদাৰৰ পদত সেনাবাহিনীত যোগদান কৰিছিল। এবছৰৰ প্ৰশিক্ষণৰ অন্তত অনন্ত ৰাম পঞ্জাব ৰেজিমেণ্টত গাড়ীচালক হিচাপে যোগ দিছিল। ১৯৫১ চনত উত্তৰ প্ৰদেশৰ লক্ষ্নৌ চহৰত তেওঁ শাৰীৰিক অনুশীলন (physical Traning)ৰ এটা চমু শিবিৰত যোগ দিছিল। তাৰ পিছত তেওঁক আৰ্মী ইনষ্টিটিউট অৱ ফিজিকেল Îট্ৰইনিং, পুণালৈ প্ৰেৰণ কৰা হয়। তাত তেওঁ এঘাৰ মাহৰ বাবে দীৰ্ঘকালীন, উন্নত তথা নিৰ্বাচিত (Long, Advanced as well as Selected) প্ৰশিক্ষণ গ্ৰহণ কৰে। সেয়া ১৯৫২ চনৰ কথা।

অনন্ত ৰামে ১৯৫৪-৫৫ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় জিমনাষ্টিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। সেইবাৰ তেওঁ ফ্ল’ৰ এক্সাৰচাইজত স্বৰ্ণপদক বুটলিবলৈ সক্ষম হৈছিল। তেতিয়াৰে পৰা ১৯৬৬ চনলৈ তেখেতে সেনাৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিমনাষ্টিকছত ভালেমান পদক বুটলিবলৈ সক্ষম হৈছিল।

অলিম্পিকত দুবাৰ (১৯৫৬ আৰু ১৯৬৪ চন)কৈ অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰাৰ বিৰল সন্মান লাভ কৰা তেখেত প্ৰথম ভাৰতীয় খেলুৱৈ।

১৯৮০ চনত সেনাবাহিনীৰ পৰা অৱসৰ লোৱাৰ আগে আগে তেখেতে সন্মানীয় কেপ্টেইন (Honorary Captain)সন্মান প্ৰদান কৰে। সেই বছৰেই খেলৰ প্ৰতি থকা অৱদানৰ বাবে তেখেতে Vishist Sewa Medal (VSM) লাভ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments