Wednesday, October 5, 2022
HomeNewsখুড়াকৰ পিছত ভতিজাকৰো মৃত্যু হ'ল ৰাইনাৰ : সংকটজনক অৱস্থাত খুড়ীয়েক

খুড়াকৰ পিছত ভতিজাকৰো মৃত্যু হ’ল ৰাইনাৰ : সংকটজনক অৱস্থাত খুড়ীয়েক

অলিম্পিয়াৰ প্ৰতিবেদন

আই পি এল এৰি স্বদেশলৈ উলটি আহিছে ৰাইনা। ৰাইনাই আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই স্বদেশলৈ ঘূৰি অহাকলৈ বিভিন্নজনে বিভিন্ন মতামত দিছিল যদিও তেওঁৰ পৰিয়ালৰ ওপৰত আক্ৰমণ হোৱাৰ বাবেই উভতি আহিছে বুলি দাবী কৰা হৈছে। শেহতীয়াকৈ সুৰেশ ৰাইনাই টুইটাৰত কৰা এক পোষ্টকলৈ আশ্চৰ্য হৈ পৰিছে সকলো।

ৰাইনাই টুইটাৰত উল্লেখ কৰা অনুসৰি তেওঁৰ পৰিয়ালৰ সদস্যৰ ওপৰত বৃহৎ আক্ৰমণ সংঘটিত হৈছে। এই আক্ৰমণৰ ফলত তেওঁৰ খুড়াকৰ মৃত্যু হোৱাৰ উপৰিও চিকিৎসাধীন হৈ থকা ভতিজাকৰো মৃত্যু হৈছে।

ৰাইনাই টুইটাৰত লিখিছে, মোৰ পৰিয়ালৰ লগত পঞ্জাৱত যিবোৰ হৈছে সেয়া অতি ভয়ংকৰ। মোৰ খুড়াক ডিঙি চেপি হত্যা কৰিছে খুড়ী আৰু দুই ভতিজা যথেষ্ট আঘাতৰ সন্মুখীন হৈছে। দুৰ্ভাগ্যজনকভাৱে মোৰ এজন ভতিজা কালি ৰাতি মৃত্যু হৈছে। যোৱা কেইবাদিনো ধৰি তেওঁ মৃত্যুৰ সৈতে যুঁজী আছিল।মোৰ খুড়ীৰ অৱস্থা এতিয়াও সংকটজনক।

ইয়াৰ উপৰিও তেওঁ আন এক টুইটত কৈছে, এতিয়ালৈকে আমি জানিবলৈ নাপালোঁ আচলতে সেই ৰাতি কি হৈছিল আৰু কোনে এইটো কৰিছিল। ম‌ই পঞ্জাৱ পুলিচলৈ অনুৰোধ কৰোঁ যে এই বিষয়টোক মন দিয়ক। আমাৰ অন্তঃত এইটো জনাৰ অধিকাৰ আছে যে এই বিভৎস ঘটনা কোনে সংঘটিত কৰিছিল। সেই অপৰাধীক এৰি দিব নালাগে যাতে আগলৈ সিহঁতে আৰু এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে।

CSK ৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই স্বদেশলৈ ঘূৰি অহাক লৈ বিভিন্নজনে বিভিন্ন দাবী উত্থাপন কৰি থকাৰ মাজতে ৰাইনাই টুইটাৰত দিয়া এই পষ্ট দুটা এতিয়া ভাইৰেল হৈ পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments