Wednesday, July 6, 2022
HomeNewsখেল'ইণ্ডিয়াৰ চতুৰ্থ সংস্কৰণত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাটাও পৰম্পৰাগত ক্ৰীড়া

খেল’ইণ্ডিয়াৰ চতুৰ্থ সংস্কৰণত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাটাও পৰম্পৰাগত ক্ৰীড়া

আগন্তুক বৰ্ষত হাৰিয়ানাত অনুষ্ঠিত হ’বলগীয়া খেল’ইণ্ডিয়াৰ চতুৰ্থ সংস্কৰণত কেইবাটাও পৰম্পৰাগত ক্ৰীড়াক অন্তৰ্ভুক্ত কৰা হৈছে। সেইবোৰ হৈছে গাটকা, কলাৰিপয়াট্টু, থাংগ-টা আৰু মলখম্ব। ক্ৰীড়া মন্ত্ৰালয়ৰ এই সিদ্ধান্তই এতিয়া প্ৰাচীন আৰু পৰম্পৰাগত ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা কৰা হৈছে।

ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই প্ৰসংগত কয় যে, ভাৰতত খেলৰ পুৰণি ইতিহাস আছে। আমাৰ মন্ত্ৰালয়ে এই খেল সমূহ পুনৰ সমৃদ্ধ আৰু প্ৰসিদ্ধ কৰি তুলিবলৈ প্ৰচেষ্টা চলাইছে। খেল’ ইণ্ডিয়াৰ বাহিৰে অন্য কোনো সুন্দৰ প্লে’টফৰ্ম নাই য’ত এই খেলৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰে।

ইয়াৰ উপৰিও তেওঁ কয়, খেলৰ বহুত জনপ্ৰিয়তা আছে আৰু মোৰ বিশ্বাস আছে ২০২১ ত খেলিব লগীয়া খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত যোগাসনৰ লগতে এই চাৰি খেলৰ প্ৰতিও মানুহে উৎসাহ দেখুওৱাব। আগন্তুক সময়ত এনেধৰণৰ অন্য খেলো প্ৰতিযোগিতাখনৰ লগত জৰিত কৰা হ’ব।

মনকৰিবলগীয়া যে খেল’ ইণ্ডিয়াত অন্তৰ্ভুক্ত হোৱা এই খেলবোৰৰ আছে নিজা নিজা ইতিহাস আৰু বৈশিষ্ট্য। কেৰেলাৰ এবিধ জনপ্ৰিয় খেল কলাৰিপয়াট্টু। এইবিধ সমৰকলাৰ এটা ভাগ। আনহাতে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশত মলখম্বৰ জনপ্ৰিয়তা সৰ্বাধিক। গাটকা আকৌ পঞ্জাৱৰ শিখ যোদ্ধাসকলৰ এক পৰম্পৰাগত যুদ্ধ ক্ৰীড়া। যাৰ ব্যৱহাৰ দীৰ্ঘদিন ধৰি আত্মৰক্ষাৰ বাবে কৰি অহা হৈছে। যোৱা দিনবোৰত এই খেল বিধক এক কলা হিচাপে মান্যতা প্ৰদান কৰা।হৈছে। আনহাতে থাংগ-টা এবিধ মণিপুৰী সমৰকলা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments