খেলুৱৈ হিচাপে অনুৰাগ ঠাকুৰৰ ক্ৰীড়া জীৱন
অলিম্পিয়া প্ৰতিবেদন: ভাৰতৰ এগৰাকী গতিশীল কেন্দ্ৰীয় ক্ৰীড়ামন্ত্রী । তেওঁ সকলোৰে পৰিচিত অনুৰাগ ঠাকুৰ । বিগত টকিঅ’ অলিম্পিকৰ মাত্র ১৬ দিন আগতে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্রিত্বৰ দায়িত্ব লোৱা কেবিনেট মন্ত্রী জন প্ৰকৃততে কোন ? তেওঁ কেৱল এজন ৰাজনৈতিক নেতাই নে ? ক্ৰীড়াৰ সৈতে কিদৰে জড়িত অনুৰাগ ঠাকুৰ ? সেই সকলোবোৰ সামৰি অলিম্পিয়া স্পৰ্টছৰ বিশেষ প্ৰতিবেদন ।
দেশৰ ক্ৰীড়াক্ষেত্র উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰা মন্ত্রীজনেই হল অনুৰাগ ঠাকুৰ । ক্ৰীড়াৰ বিভিন্ন অনুষ্ঠানত সবল ৰূপত প্ৰায়ে দেখা যায় এইগৰাকী কেন্দ্ৰীয় ক্ৰীড়ামন্ত্রীক । কেতিয়াবা খেলুৱৈসকলৰ সৈতে খেলাও দেখা যায় বিভিন্ন অনুষ্ঠানত । মুঠতে, দেশৰ ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰিবলৈ তেওঁ যিমান পাৰে চেষ্টা অব্যাহত ৰাখিছে । পিছে, এই এই গৰাকীৰ ৰাজনীতিকৰ পৰিচয় কেৱল মন্ত্রীয়েই নহয় ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
তেওঁ ৰাজনীতিলৈ অহাৰ পূৰ্বে আছিল এগৰাকী নিপুণ খেলুৱৈ
অনুৰাগ ঠাকুৰ হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিৰ লোকসভাৰ সদস্য হোৱাৰ আগতে খেলুৱৈ হিচাবে তেওঁৰ আছিল অনেক পৰিচয় । তেওঁ দখল আছিল ক্ৰিকেটত ।ঠাকুৰৰ ক্ৰিকেট যাত্রা আৰম্ভ হৈছিল ১৪ বছৰৰ পৰা । তেওঁ বিজয় মাৰ্চেন্ট ট্ৰফী জয় কৰা পঞ্জাৱ অনুৰ্ধ-১৬ দলৰ নেতৃত্ব বহন কৰিছিল । ইয়াৰ উপৰি, যেতিয়া হিমাচল প্ৰদেশ ক্ৰিকেট এছচিয়েচনৰ সভাপতি আছিল, তেতিয়া ২০০০ চনৰ নবেম্বৰত জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ এখন খেল খেলিছিল এইগৰাকী অনুৰাগ ঠাকুৰে ।
অনুৰাগ ঠাকুৰে হিমাচল প্ৰদেশক প্ৰতিনিধিত্ব কৰি এখন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে । লগতে, ২০০০-২০০১ বৰ্ষত জম্মু -কাশ্মীৰৰ বিৰুদ্ধে এখন মেচত অধিনায়ক হিচাপে দলটোক নেতৃত্ব দিছে ।সেইবাৰ জম্মু আৰু কাশ্মীৰ ৪ উইকেটত বিজয়ী হৈছিল ।
তেওঁ হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাৰ সভাপতি হৈ থকাৰ কালছোৱাত ৰাজ্যখনত পাঁচখন ষ্টেডেয়াম বিকশিত কৰিছিল । যাৰ ভিতৰত আছিল আছিল ধৰমশালা ষ্টেডিয়াম আৰু দুখনকৈ ক্ৰিকেট একাডেমী ।
৪৬ বসন্ত গৰকা অনুৰাগ ঠাকুৰ ক্ৰীড়া প্ৰশাসনৰ সৈতেও জড়িত আছিল । তেওঁ ২০১৫ ৰ পৰা ফ্ৰেব্ৰুৱাৰী ২০১৭ লৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ।
পিছে, উচ্চতম ন্যায়ালয়ে তেওঁক বি চি চি আইৰ ভিতৰত কাম কাজৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়াত তেওঁ আঁতৰি আহে । ঠাকুৰে ২০০৮ চনত ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰি বৰ্তমান দেশৰ ক্ৰীড়া মন্ত্রীৰ আসন শুৱনি কৰিছে । ক্ৰীড়া অনুৰাগীৰ আশা–দেশৰ ক্ৰীড়ামন্ত্রী জনৰ উৎসাহ উদ্দীপনাৰে জীপাল হওক ভাৰতৰ ক্ৰীড়াজগত । খেলুৱৈৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শনেৰে সৃষ্টি কৰক নতুন নতুন খেলুৱৈ ।