Friday, September 30, 2022
HomeNewsখেলো ইণ্ডিয়া পূব মণ্ডল জুনিয়ৰ ছোৱালী আৰু যুৱ মহিলাৰ মুকলি বক্সিং চেম্পিয়নশিপৰ...

খেলো ইণ্ডিয়া পূব মণ্ডল জুনিয়ৰ ছোৱালী আৰু যুৱ মহিলাৰ মুকলি বক্সিং চেম্পিয়নশিপৰ ছেমিত প্ৰৱেশেৰে অসমৰ পাঁচটা পদক নিশ্চিত

অলিম্পিয়া প্ৰতিবেদন

অসমৰ পাঁচ গৰাকী বক্সাৰে চলিত খেলো ইণ্ডিয়া পূৱ মণ্ডল জুনিয়ৰ ছোৱালী আৰু যুৱ মহিলাৰ
মুকলি বক্সিং চেম্পিয়নশ্বিপ-২০২২ৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰাৰ লগতে অহা ডিচেম্বৰত
হ’বলগা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে । উল্লেখ্য যে গুৱাহাটীৰ ছাই কেন্দ্ৰৰ ইনড’ৰ
ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ সোমবাৰৰ নিশা হোৱা উভয় শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ মুঠ ১১ গৰাকী বক্সাৰে অংশ লৈছিল যদিও ইয়াৰে পাঁচ গৰাকীয়ে নিজৰ মেচত জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । বাকী ছয় গৰাকীৰ চাৰি গৰাকী মনিপুৰৰ বক্সাৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বিপৰীতে দুগৰাকী অসমৰ বক্সাৰে ৰাজ্যৰে সতীৰ্থৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ বিদায় লয় ।
ছেমিফাইনেলত প্ৰৱেশ কৰা অসমৰ বক্সাৰসকলৰ ভিতৰত আছে জুনিয়ৰ ছোৱালীৰ ৪৬ কিলোগ্রাম শাখাত ইলাজ্যোতি পেগু, ৪৮ কিলোগ্রাম শাখাত ৰিম্পী পেগু আৰু ৫০ কিলোগ্রাম শাখাত ভাৰতী কুমাৰী । উল্লেখ্য যে ইলাজ্যোতিয়ে পৰাস্ত কৰে অসমৰে স্বাগতা লক্ষ্মী দৈমাৰীক । আনহাতে, ৰিম্পী আৰু ভাৰতীয়ে মনিপুৰৰ বক্সাৰক হৰুৱাই ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰে । কিন্তু বিজেতা ব্ৰহ্ম আৰু ভাগ্যশ্ৰী ৰাভা কোৱাৰ্টাৰ ফাইনেলত মণিপুৰৰ বক্সাৰৰ বিৰুদ্ধে পৰাস্ত হয় ।
ইফালে, যুৱ মহিলাৰ ৫২ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ পূণ্যৱতী কুলিয়ে ৰাজ্যৰে ৰশ্মী বালা বসুমতাৰীক পৰাস্ত কৰি ছেমিফাইনেল প্ৰৱেশ কৰাৰ বিপৰীতে ৫৪ কিলোগ্রাম শাখাত অসমৰ মাইনাও বড়োৱে মিজোৰামৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই ছেমিফাইনেললৈ অগ্ৰসৰ হয় । কিন্তু ৫৪ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ সংগীতা দাস আৰু আইকন মিলি মণিপুৰৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয় ।

ইফালে, মঙলবাৰৰ নিশাও প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলৰ মেচ অনুষ্ঠিত হয় । অসমৰ মুঠ ২০ গৰাকী বক্সাৰে ৰিঙত নামিছে । জুনিয়ৰ ছোৱালীৰ কোৱাৰ্টাৰ ফাইনেল খেলা ১২ গৰাকী বক্সাৰ হ’ল —- ৫২ কিলোগ্রাম শাখাত মনিকা চুব্বা, আইশ্রী হাজৰিকা, শশাদ্ৰী শ‍ইকীয়া আৰু প্ৰিয়া বড়ো । ৫৪ কিলোগ্রাম শাখাত সুনসুনি কুমবংগ, অনুশ্রী চেত্রী আৰু ৰশ্মী চাংমাই । ৫৭ কিলোগ্রাম শাখাত স্নেহা সোণোৱাল, নালোসি মাৰ্জাৰী আৰু নিকিতা গগৈ । ৬০ কিলোগ্রাম শাখাত পৰী দত্ত আৰু পুৰবী দৈমাৰী ।
আনহাতে, যুৱ মহিলাৰ কোৱাৰ্টাৰ ফাইনেল খেলা আঠ গৰাকী অসমৰ বক্সাৰ হ’ল —- ৪৫-৪৮ কিলোগ্রাম শাখাত দিক্ষিতা বড়ো, সুজামা বড়ো আৰু ৰূপালী বসুমতাৰী । ৫০ কিলোগ্রাম শাখাত উন্নেখা গগৈ আৰু দ্বিপাঞ্জলী দৈমাৰী । ৬০ কিলোগ্রাম শাখাত নেনচি নাৰ্জাৰী, প্রিয়া বসুমতাৰী আৰু ধৰিত্ৰী চুব্বা । উল্লেখ্য যে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়া চমুকৈ বি এফ আয়ে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ সহযোগত দেশত মহিলা বক্সিঙৰ নতুন প্রতিভা বিচাৰি উলিওৱাৰ বাবে যি অভিলাসী আঁচনি হাতত লৈ চাৰিখন মাণ্ডলিক প্রতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে তাৰেই প্ৰথমখন প্ৰতিযোগিতা সম্প্রতি গুৱাহাটীৰ ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত পূর্ণগতিত চলি আছে । বুধবাৰে প্ৰতিযোগিতাৰ উভয় শাখাৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব । আনহাতে, ২২ ছেপ্টেম্বৰত হ’ব ফাইনেল । ছেমিফাইনেলত প্ৰৱেশ কৰা সকলো বক্সাৰে অহা ডিচেম্বৰত
গুৱাহাটীতে হ’বলগা প্রাইজমানি সম্বলিত ৰাষ্ট্ৰীয় চেম্পিয়নশিপলৈ যোগ্যতা অৰ্জন কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments