Friday, September 30, 2022
HomeNewsখেলো ইণ্ডিয়া পূব মণ্ডল জুনিয়ৰ ছোৱালী আৰু যুৱ মহিলা মুকলি বক্সিঙৰ সামৰণি...

খেলো ইণ্ডিয়া পূব মণ্ডল জুনিয়ৰ ছোৱালী আৰু যুৱ মহিলা মুকলি বক্সিঙৰ সামৰণি :

১২ স্বৰ্ণৰে মণিপুৰ শ্ৰেষ্ঠ, ২৮ টা পদকেৰে অসম দ্বিতীয়

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীৰ ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া পূব মণ্ডল
জুনিয়ৰ ছোৱালী আৰু যুৱ মহিলা মুকলি বক্সিং চেম্পিয়নশিপ-২০২২ৰ সফল সামৰণি পৰিছে ।
প্রতিযোগিতাত জুনিয়ৰ তথা যুৱ বিভাগৰ মুঠ ১৯ টা ওজন শাখাত খেল অনুষ্ঠিত হৈছিল আৰু মণিপুৰে মুঠ ১২
টা সোণ লাভ কৰি শ্ৰেষ্ঠ দলৰূপে বিবেচিত হয় ।

ঘৰুৱা দল অসম পদক তালিকাৰ দ্বিতীয় স্থানত থাকে । অসমে পাঁচটা সোণ, আঠটা ৰূপ আৰু ১৫ টা ব্ৰঞ্জসহ মুঠ ২৮ টা পদক লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰে জুনিয়ৰ শাখাত তিনিটা সোণ, ছটা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জ লাভ কৰাৰ বিপৰীতে যুৱ শাখাত দুটা সোণ, সমসংখ্যক ৰূপ আৰু ৯ টা ব্ৰঞ্জ লাভ কৰিছে । ইফালে, দুটা সোণ লাভ কৰি মিজোৰাম তৃতীয় স্থানত থাকে ।

ফাইনেলত অসমৰ ১৩ গৰাকী বক্সাৰে স্বৰ্ণ জয়ৰ লক্ষ্যৰে ৰিঙত নামিছিল যদিও ইয়াৰে পাঁচগৰাকীয়ে সফলতা লাভ কৰাৰ বিপৰীতে আঠ গৰাকী বক্সাৰে ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকে । অসমৰ চাৰি গৰাকীয়ে যুৱ শাখাৰ স্বর্ণজয়ৰ মেচ খেলাৰ বিপৰীতে ৯ গৰাকী বক্সাৰে জুনিয়ৰৰ ফাইনেলত অৱতীৰ্ণ হৈছিল ।

জুনিয়ৰ শাখাত নিজৰ মেচত জয়লাভ কৰি সোণ লাভ কৰিবলৈ সক্ষম হয় ৫২ কিলোগ্রাম শাখাত মনিকা চুব্বা, ৬৬ কিলোগ্রাম শাখাত ভৱানী ফুকন আৰু ৭০ কিলোগ্রাম শাখাত জুমন দত্তই । বিপৰীতে ৰূপ লাভ কৰে ৪৬ কিলোগ্রাম শাখাত ইলাজ্যোতি পেগু, ৪৮ কিলোগ্রাম শাখাত ৰিম্পী পেণ্ড, ৫০ কিলোগ্রাম শাখাত ভাৰতী কুমাৰী, ৫৭ কিলোগ্রাম শাখাত নালোসি মাৰ্জাৰী, ৬৩ কিলোগ্রাম শাখাত কংকনা শ‍ইকীয়া আৰু ৭০ কিলোগ্রাম শাখাত ফাল্গুনী বসুমতাৰীয়ে ।

ইফালে, যুৱ শাখাৰ ফাইনেলত জয় অৰ্জন কৰি অসমক সোণৰ পদক দিয়ে ৫৭ কিলোগ্রাম শাখাত সুমিত্ৰা ব্ৰহ্ম আৰু ৭০ কিলোগ্ৰাম শাখাত নমি বৰাই । আনহাতে, ৰূপ অৰ্জন কৰে ৫০ কিলোগ্রাম শাখাত দ্বিপাঞ্জলী দৈমাৰী
আৰু ৫২ কিলোগ্রাম শাখাত ৰৱিছুমৰি বালা বসুমতাৰীয়ে ।

উল্লেখ্য যে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়া চমুকৈ বি এফ আয়ে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ সহযোগত দেশত মহিলা বক্সিঙৰ নতুন প্রতিভা বিচাৰি উলিওৱাৰ বাবে যি অভিলাসী আঁচনি হাতত লৈ চাৰিখন মাণ্ডলিক প্রতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে তাৰেই প্ৰথমখন প্রতিযোগিতা গুৱাহাটীত অনুষ্ঠিত হ’ল। গুৱাহাটীৰ পাছতে ভূপাল, উত্তৰাখণ্ড আৰু কৰ্ণাটকতো মাণ্ডলিক পৰ্যায়ৰ একেই চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিব ছাই আৰু বি এফ আয়ে ।

চাৰিওখন মাণ্ডলিক প্রতিযোগিতাৰ পদক বিজয়ী বক্সাৰসলক লৈ অহা ডিচেম্বৰত পুনৰ গুৱাহাটীতে আয়োজন কৰা হ’ব ৰাষ্ট্ৰীয় চেম্পিয়নশিপ । অর্থাৎ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমৰ ২৮ গৰাকী বক্সাৰে অংশ লোৱাটো নিশ্চিত হ’ল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments