Tuesday, October 4, 2022
HomeNewsখেলো ইণ্ডিয়া পূব মণ্ডল জুনিয়ৰ যুৱ মহিলা বক্সিং প্রতিযোগিতাত

খেলো ইণ্ডিয়া পূব মণ্ডল জুনিয়ৰ যুৱ মহিলা বক্সিং প্রতিযোগিতাত

অসম-মনিপুৰৰ খেলুৱৈৰ সুন্দৰ প্ৰদৰ্শন

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীৰ ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলো ইণ্ডিয়া পূব মণ্ডল জুনিয়ৰ ছোৱালী আৰু যুৱ মহিলা মুকলি বক্সিং চেম্পিয়নশ্বিপ-২০২২ত অসম আৰু মণিপুৰৰ খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে । ইতিমধ্যে হৈ যোৱা প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে অসমৰ সাত গৰাকী বক্সাৰে । ইয়াৰে পাঁচগৰাকী জুনিয়ৰ ছোৱালী শাখাৰ আৰু দুগৰাকী যুৱ মহিলা শাখাৰ।

আনহাতে, মনিপুৰৰ ১০ গৰাকী বক্সাৰে দ্বিতীয় ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে । যুৱ মহিলা শাখাত দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হোৱা অসমৰ বক্সাৰ দুগৰাকী হ’ল ৪৫-৪৮ কিলোগ্রাম শাখাত খেলা দিক্ষিতা বড়ো আৰু সুজমা বড়ো । ইয়াৰ বিপৰীতে যুৱ মহিলা শাখাৰ মেচত মণিপুৰৰ বক্সাৰৰ হাতত পৰাস্ত হৈ প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ বিদায় লয় অসমৰ প্ৰিয়ংকা স্বৰ্গীয়াৰী, ছুমি বৰা আৰু অঞ্জনা ঠাকুৰীয়াই ।

ইফালে, জুনিয়ৰ ছোৱালী শাখাত দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হোৱা অসমৰ বক্সাৰসকল হ’ল ৪৬ কিলোগ্রাম শাখাত ইলাজ্যোতি পেগু আৰু স্বাগতা লক্ষ্মী । ৪৮ কিলোগ্রাম শাখাত প্ৰথম ৰাউণ্ডৰ দেওনা পাৰ কৰিছে অসমৰ ৰিম্পি পেগুৱে । আনহাতে, ৫২ কিলোগ্রাম শাখাত দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে অসমৰ শাশাদি শ‍ইকীয়া আৰু প্ৰিয়া বড়ো ।

উল্লেখ্য যে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়া চমুকৈ বি এফ আয়ে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ
সহযোগত দেশত মহিলা বক্সিঙৰ নতুন প্রতিভা বিচাৰি উলিওৱাৰ বাবে যি অভিলাসী আঁচনি হাতত লৈ
চাৰিখন মাণ্ডলিক প্রতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে তাৰেই প্ৰথমখন প্রতিযোগিতা গুৱাহাটীত
অনুষ্ঠিত হৈছে। নখন ৰাজ্যৰ প্ৰায় দুশ প্রতিযোগীয়ে চলিত খেলো ইণ্ডিয়া পূৱ মণ্ডল জুনিয়ৰ ছোৱালী আৰু
যুৱ মহিলা মুকলি বক্সিং চেম্পিয়নশ্বিপ-২০২২ত অংশ লৈছে ।

প্রতিযোগিতাখনত অসমসহ অংশগ্ৰহণ কৰা নখন ৰাজ্য হ’ল অৰুণাচল প্ৰদেশ, বংগ, মণিপুৰ, মেঘালয়,
মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা । প্ৰতিযোগিতাৰ জুনিয়ৰ ছোৱালীৰ ওজন শাখা ১৩ টা । আনহাতে,
যুৱ মহিলাৰ ওজন শাখা ১২ টা । জুনিয়ৰ আৰু যুৱৰ প্ৰতিটো ওজন শাখাৰে ছেমিফাইনেলিষ্ট চাৰিগৰাকীকৈ
বক্সাৰে ফাইনেল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিব । চাৰিখন মাণ্ডলিক প্রতিযোগিতা সমাপন হোৱাৰ পাছত অহা
ডিচেম্বৰত গুৱাহাটীত হ’ব ফাইনেল ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপখন । অন্য তিনিটা মণ্ডলৰ পৰাও জুনিয়ৰ আৰু
যুৱৰ প্ৰতিটো ওজন শাখাৰে ছেমিফাইনেলিষ্ট চাৰিগৰাকীকৈ বক্সাৰে ফাইনেললৈ যোগ্যতা অর্জন কৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments