Tuesday, October 4, 2022
HomeNewsখেলো ইণ্ডিয়া পূৱ মণ্ডল জুনিয়ৰ-যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপ

খেলো ইণ্ডিয়া পূৱ মণ্ডল জুনিয়ৰ-যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপ

খেলো ইণ্ডিয়া পূৱ মণ্ডল জুনিয়ৰ-যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন: চলিত খেলো ইণ্ডিয়া পূৱ মণ্ডল জুনিয়ৰ ছোৱালী আৰু যুৱ মহিলা মুকলি বক্সিং চেম্পিয়নশ্বিপ ২০২২ত অসমৰ খেলুৱৈয়ে চমকপ্ৰদ প্ৰদৰ্শন কৰি উভয় শাখাতে মুঠ ২৫ টা পদক লাভ কৰাটো
নিশ্চিত কৰিছে ।

উল্লেখ্য যে বুধবাৰে নিশা প্রতিযোগিতাৰ উভয় শাখাৰ সকলো ছেমিফাইনেল অনুষ্ঠিত হৈছে আৰু
অসমৰ ২৫ গৰাকী বক্সাৰে স্বৰ্ণ জয়ৰ যুঁজলৈ যোগ্যতাৰ বাবে ৰিঙত নামিব । কিন্তু ছেমিফাইনেলত প্ৰৱেশ কৰাৰ সূত্রে অসমৰ ২৫ গৰাকী বক্সাৰে ইতিমধ্যে অতিকমেও ব্রঞ্জ পদক জয় নিশ্চিত কৰাৰ লগতে অহা ডিচেম্বৰত গুৱাহাটীতে হ’বলগা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈও যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে গুৱাহাটীৰ ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ জুনিয়ৰ ছোৱালীৰ শাখাত
অসমৰ মুঠ ১২ গৰাকী বক্সাৰে ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । বক্সাৰসকল হ’ল — ৫২ কিলোগ্রাম শাখাত মনিকা চুব্বা, আইশ্রী হাজৰিকা তথা প্রিয়া বড়ো, ৫৪ কিলোগ্রাম শাখাত ৰশ্মী চাংমাই, ৫৭ কিলোগ্রাম শাখাত নালোসি মাৰ্জাৰী, ৬০ কিলোগ্রাম শাখাত পৰী দত্ত লগতে পৰিস্মিতা বড়ো, ৬৩ কিলোগ্রাম শাখাত বিদিশা বৰুৱা আৰু ৬৬ কিলোগ্রাম শাখাত ভৱানী ফুকন । ইয়াৰ পূৰ্বে ৪৬ কিলোগ্রাম শাখাত ইলাজ্যোতি পেণ্ড, ৪৮ কিলোগ্রাম শাখাত ৰিম্পী পেগু আৰু ৫০ কিলোগ্রাম শাখাত ভাৰতী কুমাৰীয়ে পদক নিশ্চিত কৰিছিল ।

ইফালে, যুৱ মহিলাৰ ছেমিফাইনেলত অসমৰ মুঠ ১৩ গৰাকী বক্সাৰে স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে । বক্সাৰসকল হ’ল — ৪৫-৪৮ কিলোগ্রাম শাখাত সুজামা বড়ো, ৫০ কিলোগ্রাম শাখাত উন্নেসা গগৈ তথা দ্বিপাঞ্জলী দৈমাৰী, ৫৭ কিলোগ্রাম শাখাত প্রিয়া বসুমতাৰী তথা সুমিত্ৰা ব্ৰহ্ম, ৬০ কিলোগ্রাম শাখাত প্ৰিয়া বসুমতাৰী তথা নমিতা দলে, ৬৩ কিলোগ্রাম শাখাত কশ্মিা সিং তথা মনালিছা বসুমতাৰী, ৭০ কিলোগ্রাম শাখাত ৰেনুকা বসুমতাৰী আৰু নমি বৰা ৷

ইয়াৰপূৰ্বে ৫২ কিলোগ্রাম শাখাত ৰশ্মী বালা বসুমতাৰী আৰু ৫৪ কিলোগ্রাম শাখাত মাইনাও বড়োৱে ছেমিফাইনেলত প্ৰৱেশ কৰিছিল । উল্লেখ্য যে বক্সিং ফেডাৰ্চেন অৱ ইণ্ডিয়া চমুকৈ বি এফ আয়ে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ সহযোগত দেশত মহিলা বক্সিঙৰ নতুন প্রতিভা বিচাৰি উলিওৱাৰ বাবে যি অভিলাসী আঁচনি হাতত লৈ চাৰিখন মাণ্ডলিক প্রতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে তাৰেই প্ৰথমখন প্রতিযোগিতা সম্প্রতি গুৱাহাটীৰ ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত পূর্ণগতিত চলি আছে । বৃহস্পতিবাৰে প্ৰতিযোগিতাৰ ফাইনেল হোৱাৰ লগতে সামৰণিও পৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments