অলিম্পিয়া প্ৰতিবেদন
হাৰিয়ানাৰ পঞ্চকুলাত অপ্ৰতিৰোধ্য অসমৰ যুৱ খেলুৱৈ । কালাৰিপায়ত্তুত জিলিকিল উদীয়মান প্ৰতিভা । ৰূপ আৰু ব্ৰঞ্জ পদক অৰ্জনৰে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ ।
চলিত মাহৰ ৪ জুনৰ পৰা হাৰিয়ানা পঞ্চকুলাত অনুষ্ঠিত চতুৰ্থ সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সোমবাৰে সফল সামৰণি পৰিব । ইতিমধ্যে অসমৰ পৰা যোৱা ৬২ জনীয়া দলটোৱে বিভিন্ন ইভেন্টত অসমলৈ আজুৰি আনিছে সুনাম । সোমবাৰলৈকে বিভিন্ন ইভেন্টত অসমৰ পদক আছিল মুঠ ১৯ টা ।
ইয়াৰ মাজতে, খেলো ইণ্ডিয়াত পোন প্ৰথমবাৰৰ বাবে অসমৰ পৰা অংশগ্ৰহণ কৰিলে ১২ জনীয়া এটা কালাৰিপায়ত্তুৰ দলে । প্ৰায় ৩০০০ বছৰ পুৰণি ইতিহাস সমৃদ্ধ এই সমৰকলাত প্ৰথম বাৰতে অসমৰ খেলুৱৈয়ে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । এটা ৰূপ আৰু এটা ব্ৰঞ্জ সহ খেলো ইণ্ডিয়াত জিলিকিল অসমৰ কালাৰিপায়ত্তু খেলুৱৈ । ডিঙিত মেডেল পিন্ধি, হাতত খেলো ইণ্ডিয়াৰ চিহ্ন লৈ কালাৰিপায়ত্তু খেলুৱৈৰ মুখত বিৰিঙিল বিজয়ৰ হাঁহি ।
৪.৫ ফিট অনূৰ্দ্ধৰ ল’ৰাৰ শাখাৰ হাই কিকত গুৱাহাটীৰ জাকাৰিয়া ইছলামে লাভ কৰিছে ৰূপৰ পদক । আনহাতে, ৪.৫ ফিট অনূৰ্দ্ধৰ ছোৱালী শাখাৰ হাই কিকত ব্ৰঞ্জ দখলেৰে গৌৰৱ কঢ়িয়াই আনিছে চাংসাৰীৰ সমীক্ষা বেগমে । খেলো ইণ্ডিয়ালৈ যোৱাৰ পূৰ্বে অলিম্পিয়া স্পৰ্টছৰ সমুখত সমীক্ষা আছিল ।
এককথাত সমীক্ষাৰ সপোনে যেন পূৰ্ণতা পালে । ইফালে কালাৰিপায়ত্তুত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি পদক নিশ্চিত কৰাত অসম কালাৰিপায়ত্তু এছচিয়েচনৰ বিষয়-ববীয়াসকল আনন্দিত হৈ পৰিছে । অসম কালাৰিপায়ত্তু দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে অসম কালাৰিপায়ত্তু এছচিয়েচনৰ সভাপতি তথা বিধায়ক পৰমানন্দ ৰাজবংশীয়ে । লগতে অভিনন্দন জনাইছে অসম কালাৰিপায়ত্তু এছচিয়েচনৰ সম্পাদক তথা অসম কালাৰিপায়ত্তু দলটোৰ প্ৰশিক্ষক পাপু খানে । উল্লেখযোগ্য যে, কালাৰিপায়ত্তুৰ অসম দলটো মঙলবাৰে সন্ধিয়া গুৱাহাটীত আহি উপস্থিত হ’ব ।
ক্ৰীড়া অনুৰাগীৰ আশা — কালাৰিপায়ত্তু খেলুৱৈৰ এই বিজয়ধাৰা চিৰপ্ৰবাহমান হওক । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুফল অৰ্জন কৰক অসমৰ কালাৰিপায়ত্তু খেলুৱৈয়ে । অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও কালাৰিপায়ত্তুৰ অসম দলটোলৈ থাকিল অজস্ৰ শুভেচ্ছা ।