Wednesday, August 10, 2022
HomeNewsখেলো ইণ্ডিয়াত জম্মু- কাশ্মীৰৰ দৰিদ্ৰ দৰ্জিৰ পুত্ৰ চাইক্লিষ্ট আদিল অলতাফৰ স্বর্ণ...

খেলো ইণ্ডিয়াত জম্মু- কাশ্মীৰৰ দৰিদ্ৰ দৰ্জিৰ পুত্ৰ চাইক্লিষ্ট আদিল অলতাফৰ স্বর্ণ অর্জন

অলিম্পিয়া প্রতিবেদন

খেলো ইণ্ডিয়া য়ুথ গেমছত সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ পৰা পৰা অহা বহু খেলুৱৈয়ে বিভিন্ন ক্ৰীড়া ইভেণ্টত উজলি উঠিছে । তেনে এক কাহিনীৰ নায়ক জম্মু-কাশ্মীৰৰ চাইক্লিষ্ট আদিল অলতাফৰ । আদিলে কেনে এক প্ৰতিকূল পৰিস্থিতিৰ মাজেদি খেলো ইণ্ডিয়া য়ুথ গেমছত সোণৰ পদক অৰ্জনেৰে ইতিহাস ৰচিলে সেয়া অত্যন্ত ৰোমাঞ্চকৰ । এইগৰাকী যুৱ চাইক্লিষ্টে খেলো ইণ্ডিয়া য়ুথ গেমছত সোণৰ পদক অৰ্জন কৰি সকলোকে চমকিত কৰে ।
হাৰিয়ানাৰ পঞ্চকুলাত হৈ যোৱা চতুৰ্থ সংখ্যক খেলো ইণ্ডিয়ান য়ুথ গেমছত জম্মু-কাশ্মীৰৰ চাইক্লিষ্ট আদিল অলতাফে জম্মু-কাশ্মীৰৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

শ্রীনগৰৰ এজন দৰ্জীৰ পুত্ৰ অলতাফে লৰাৰ ৭০ কি:মি: ৰোড ৰেচত এই গৌৰৱ অর্জন কৰে । তাৰ আগদিনা ২৮ কি:মি: ইণ্ডিভিজুৱেল টাইম ট্ৰাইলত ৰূপৰ পদক অৰ্জন কৰিছিল — যাৰ বাবে জম্মু-কাশ্মীৰৰ লেফ্টনেন্ট গভৰ্নৰ মনোজ সিংহাইও তেওঁক অভিনন্দন জনায় । পদক জয়ৰ পাছতেই অলতাফে কয়- “এইটো মোৰ বাবে এটা ডাঙৰ মুহূৰ্ত। মই ভাল কৰাৰ বাবে আত্মবিশ্বাসী হৈ ইয়ালৈ আহিছিলো। সোণটো এক বোনাচ আৰু এটা বৃহৎ সাফল্য । আত্মবিশ্বাসবৰ্দ্ধক ।”

সৰুতে অলতাফে মধ্য কাশ্মীৰৰ শ্ৰীনগৰ জিলাৰ লালবজাৰৰ জনবহুল উপপথত চাইকেল চলাইছিল । কেতিয়াবা যদি চাইকেল ভাল পোৱা বাবেই চলাইছিল আৰু কেতিয়াবা দৰ্জী দেউতাকক সহায় কৰিবলৈ । ১৫ বছৰ বয়সত প্রথমবাৰৰ বাবে তেওঁৰ বিদ্যালয়ৰ কাশ্মীৰ হাভাৰ্দত আয়োজিত চাইক্লিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তেনেকৈয়ে আৰম্ভ হৈছিল চাইক্লিং ক্ষেত্ৰখনত অলতাফৰ যাত্ৰা । সেই যাত্ৰা আৰু থমকি হোৱা ৰোৱা নাছিল । কঠোৰ শ্ৰম আৰু অনুশীলন কৰিবলৈ ল’লে অলতাফে । দৰিদ্ৰ পিতৃয়ে পুত্ৰৰ খেলৰ প্ৰতি থকা এই অগাধ ধাউতি দেখি পুত্ৰক অনুশীলনত সহায় হোৱাকৈ ভাল চাইকেল এখন কিনি দিবলৈ দুগুণ পৰিশ্ৰম কৰিবলৈ ললে ।
শেহতীয়াকৈ এই যুৱ চাইক্লিষ্ট গৰাকীয়ে খেলো ইণ্ডিয়া য়ুথ গেমছৰ বাবে এন আই এছ পাটিয়ালাত ৬ মাহৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰে ।
স্থানীয় প্ৰতিযোগিতাসমূহত অলতাফৰ দূৰ্দান্ত প্ৰদৰ্শন দেখি শ্ৰীনগৰৰ ষ্টেট বেংক অৱ ইণ্ডিয়াই তেওঁক এম টি বি বাইকৰ স্পন্সৰৰ বাবে ৪.৫ লাখ টকাৰ প্ৰপজেল আগবঢ়ায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments