অলিম্পিয়া প্ৰতিবেদন
অসমৰ যোগক্ষেত্রত সুমিত দে’য়ে ৰচিলে ইতিহাস । খেলো’ ইণ্ডিয়াৰ যোগাসনত অসম সন্তানৰ ৰূপ জয় । হাৰিয়ানাৰ পঞ্চকুলাত সুমিতৰ অদমনীয় যোগাসন প্ৰদৰ্শন । গীতৰ তালে তালে সুমিতৰ কঠিন যোগাসনৰ ভংগীমা ।
শনিবাৰৰ পৰা সগৌৰৱেৰে হাৰিয়ানাৰ পঞ্চকুলাত অব্যাহত আছে চতুৰ্থ খেলো’ ইণ্ডিয়া য়ুথ গেমছ । পোন প্ৰথমবাৰৰ বাবে এই ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত অন্তৰ্ভুক্ত হৈছে যোগাসন প্ৰতিযোগিতা । খেলো’ ইণ্ডিয়ালৈ বাছনি হৈছিল অসমৰ এগৰাকী উদীয়মান যোগ খেলুৱৈ। তেওঁৰ নাম সুমিত দে’। এই যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফাইনেল ৰাউণ্ডলৈ উন্নীত হৈছিল সুমিতকে ধৰি মুঠ ১১ গৰাকী যোগ খেলুৱৈ । ইয়াৰ মাজৰ পৰা ৰূপ অৰ্জনেৰে জিলিকিল অসম সন্তান সুমিত দে’। ১৮ বছৰ অনূৰ্দ্ধৰ আষ্টিটিক যোগাসনত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন সুমিতৰ । খেলো’ ইণ্ডিয়াৰ যোগাসনত ৰূপ অৰ্জন কৰাৰ লগে লগে সুমিতে অসমৰ যোগক্ষেত্রত গঢ়িলে এক ইতিহাস । খেলো’ ইণ্ডিয়াত পদকপ্ৰাপ্ত অসমৰ প্ৰথমগৰাকী যোগ খেলুৱৈ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে ১৭ বছৰীয়া সুমিতে ।
লামডিঙৰ সুমিতে বৰ্তমান গুৱাহাটী শিলপুখুৰীত ভাড়াতীয়া হিচাপে বসবাস কৰে । পানবজাৰ ডনব’স্ক স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্র সুমিতে ৪ বছৰ বয়সৰ পৰাই যোগৰ সৈতে জড়িত। পিতৃ সঞ্জীৱ দে’ৰ পৰা শিকিছিল যোগৰ আদিপাঠ । মাতৃ বিজয়া দে’ পুত্রৰ এই সাফল্যত অতিকৈ আনন্দিত ।
২০১৮ চনৰ পৰা যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ লোৱা সুমিতে ইয়াৰ পূৰ্বে পশ্চিম বংগ, উৰিষ্যা আদি ৰাজ্যত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।ইয়াৰ উপৰি সুমিতে নেচনেল স্কুল গেমছত ২ বাৰকৈ প্ৰতিনিধিত্ব কৰিছে ।
অলিম্পিয়া স্পৰ্টছৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত সুমিতে উল্লেখ কৰিলে, ” আজি মই বহু আনন্দিত । মই আজি শব্দহীন -ভাষাহীন । ”
লগতে সুমিতে ক’লে তেওঁৰ সপোনৰ কথা । যেতিয়া অলিম্পিকত যোগাসন অন্তৰ্ভুক্ত হ’ব, তেতিয়া ভাৰতৰ হৈ স্বৰ্ণ জয়ৰ দুৰ্বাৰ হেঁপাহ পুহি ৰাখিছে সুমিতে ।
পঢ়াৰ মাজতে দৈনিক ২-৩ ঘন্টা অনুশীলন কৰি এই সাফল্য অৰ্জন কৰিছে অসম সন্তান গৰাকীয়ে । উল্লেখযোগ্য যে, খেলো’ ইণ্ডিয়া য়ুথ গেমছত ৰূপৰ মুকুট পিন্ধা সুমিত বুধবাৰে আহি গুৱাহাটীত ভৰি দিব ।
সুমিত দে’ৰ এই পদক প্ৰাপ্তিয়ে অসমৰ যোগাসন ক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ব্যক্তিক কৰিলে গৌৰৱান্বিত । ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ যোগাসন আৰু এঢাপ যেন আগুৱাই গ’ল । সুমিতলৈ থাকিল অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা অযুত শুভকামনা ।