অলিম্পিয়া প্ৰতিবেদন
খেলো’ ইণ্ডিয়াৰ বক্সিং ৰিঙত অসমৰ যুৱ বক্সাৰ । ইণ্ডিয়া টপ ৰেংকিঙৰ খেলুৱৈৰ সৈতে তুমুল প্ৰতিদ্বন্দিতা ।
হাৰিয়ানাত দুটা পদক অৰ্জন অসমৰ যুৱ বক্সাৰৰ । ৰূপ আৰু ব্ৰঞ্জৰ মেডেল পিন্ধি বক্সাৰৰ মুখত বিজয়ৰ হাঁহি ।
সোমবাৰে অন্ত পৰিল হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত চতুৰ্থ সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া । প্ৰদৰ্শনী মূলক ক্ৰীড়াৰ অনুষ্ঠানেৰে জীপাল হ’ল সামৰণি অনুষ্ঠান । খেলো ইণ্ডিয়াৰ অন্তিমটো দিনত অসমৰ বক্সিং ক্ষেত্ৰলৈ আহিল ভাল খবৰ । অসমৰ দুগৰাকীকৈ যুৱ বক্সাৰে আঁজুৰি আনিলে ৰূপ আৰু ব্ৰঞ্জৰ পদক । খেলো ইণ্ডিয়াত অসমৰ পৰা বক্সিঙত প্ৰতিনিধিত্ব কৰিছিল ৫ গৰাকী উদীয়মান প্ৰতিভাই । খেলো ইণ্ডিয়াৰ দৰে যুৱ ক্ৰীড়াৰ বহল মঞ্চত অসমৰ খেলুৱৈয়ে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । ফাইনেল ৰাউণ্ডত ১২ গৰাকী খেলুৱৈৰ মাজত জিলিকিল অসম । ৬৩.৫ কিঃগ্ৰা লৰাৰ শাখাত ডিব্ৰুগড়ৰ ইমদাদ হুছেইনে লাভ কৰিছে ৰূপৰ পদক । সেইদৰে ছোৱালীৰ ৫৪ কিলোগ্ৰাম শাখাত মৰাণৰ জীয়ৰী আইকণ মিলিয়ে ব্ৰঞ্জ লাভেৰে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ । খেলো ইণ্ডিয়াৰ মেডেল আৰু স্মাৰক হাতত লৈ অসমৰ খেলুৱৈৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি । ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত এয়া তেওঁলোকৰ সুন্দৰ আৰম্ভণি ।
অসমৰ পৰা যোৱা বক্সিঙৰ দলটোৰ প্ৰশিক্ষক হিচাপে আছিল অমৰ ডেকা আৰু ইনামূল হুছেইন । দুয়োগৰাকী প্ৰশিক্ষকে অসম দলটোক গুৱাহাটীৰ সৰুসজাই আৰু পল্টন বজাৰৰ ছাইত খেলো’ ইণ্ডিয়াৰ বাবে কেম্পত প্ৰদান কৰিছিল প্ৰশিক্ষণ । এই দুগৰাকী বক্সাৰৰ পদক প্ৰাপ্তিয়ে আনন্দ দিছে প্ৰশিক্ষক দ্বয়ক । অসমৰ বক্সাৰৰ এই সাফল্যত শুভেচ্ছা জনাইছে অসম বক্সিং সন্থাইও । অসম বক্সিঙৰ দলটো অহা ১৬ জুনত আহি পাব গুৱাহাটী ।
উল্লেখযোগ্য যে, চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল হাৰিয়ানাৰ ৰাজ্যপাল বান্দাৰু দত্তত্ৰেয়, কেন্দ্ৰীয় যুৱকল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল, ৰাজ্যিক মন্ত্ৰী নিতিশ প্ৰামাণিক । তেওঁলোকে সামৰণি অনুষ্ঠান উপভোগ কৰাৰ লগতে শ্ৰেষ্ঠ দলসমূহক কৰিলে বঁটা প্ৰদান
। অসমে ২০২২ বৰ্ষৰ খেলো ইণ্ডিয়া য়ুথ গেমছত সৰ্বমুঠ ২১ টা পদক অৰ্জনৰে তালিকাৰ বিংশতিতম স্থানত থাকিল । ইয়াৰ বিপৰীতে ১৩৭ টা পদক অৰ্জনেৰে চেম্পিয়নৰ খিতাপ দখল কৰিলে আয়োজক ৰাজ্য হাৰিয়ানাই ।
সেইদৰে, ১২৫ টা পদকেৰে দ্বিতীয় মহাৰাষ্ট্ৰ আৰু ৬৭ টা পদকেৰে তৃতীয় স্থানত থাকিল কৰ্ণাটক ৰাজ্য ।
ইফালে অসমে ১৩ টাকৈ বিভিন্ন ইভেন্টত এই সাফল্য অৰ্জন কৰিছে ৬২ গৰাকী খেলুৱৈৰ মাজৰ পৰা । খেলো’ ইণ্ডিয়া য়ুথ গেমছত পদকপ্ৰাপ্ত তথা অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে অসমৰ ক্ৰীড়া অনুৰাগীয়ে । সকলোৱে আশা কৰিছে– অসমৰ যুৱ প্ৰতিভাই অনাগত ভৱিষ্যতত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গনত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে নিজৰ স্থান কৰিব নিশ্চিত ।অলিম্পিয়া স্প’ৰ্টছৰ তৰফৰ পৰাও প্ৰতিগৰাকী খেলুৱৈক জনালো অভিনন্দন ।