Sunday, October 2, 2022
HomeNewsখেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত ৰূপৰ পদক জয় দিতিমণি সোণোৱালৰ

খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত ৰূপৰ পদক জয় দিতিমণি সোণোৱালৰ

খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত ৰূপৰ পদক জয় দিতিমণি সোণোৱালৰ

অলিম্পিয়া প্ৰতিবেদন: সোমবাৰে বেংগালুৰুত চলি থকা খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত ৰূপৰ পদক অর্জন কৰিলে দিতিমণি সোনোৱালে । দিতিমণিয়ে ৬৪কে:জি ওজন শাখাত দ্বিতীয় স্থান অধিকাৰ কৰি এই পদ্ক জয় কৰে। ধেমাজিৰ এই সুসন্তানগৰাকীয়ে স্নেটছত ৮১ কে:জি , ক্লিন এণ্ড জাৰ্কত ৯৮ কে:জি ৰে মুঠ ১৭৯ কে:জি উত্তোলন কৰি ৰূপৰ পদক লাভ কৰে । প্ৰতিযোগিতাখনত কোমল খানে স্নেটছত ৮৩ , ক্লিন এণ্ড জাৰ্কত ১০২ আৰু মুঠ ১৮৫ কে: জি উত্তোলন কৰি সোণৰ পদক পায় ।

আৰু অধিক পঢ়ক

ইফালে অনুৱে স্নেটছত ৭৮ , ক্লিন এণ্ড জাৰ্কত ৯৩ ৰে মুঠ ১৭১ কে:জি উত্তোলন কৰি লাভ কৰে ব্ৰঞ্জৰ পদক । অৱশ্যে বৰ্তমান ৰাষ্ট্ৰীয় শিবিৰত থকাৰ সূত্ৰে দিতিমণিয়ে চণ্ডীগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছে । এই সাফল্যৰ বাবে দিতিমণিক অভিনন্দন জনাইছে অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে । গোস্বামী বৰ্তমান খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ ভাৰোত্তোলনত জুৰী সদস্যৰূপে দায়িত্বত আছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

অলিম্পিয়া আলোচনী মাৰ্চ
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments