Wednesday, July 6, 2022
HomeNewsখেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত পদক বিজয়ী অসমৰ খেলুৱৈলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক পুৰস্কাৰ...

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত পদক বিজয়ী অসমৰ খেলুৱৈলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক পুৰস্কাৰ ঘোষণা

অলিম্পিয়া প্ৰতিবেদন

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত পদক বিজয়ী অসমৰ খেলুৱৈলৈ ক্ৰমে ১ লাখ, ৭৫ হেজাৰ, ৫০ হেজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা ৰাজ্য চৰকাৰৰ ।

হাৰিয়ানাৰ পঞ্চকুলাত চাৰি জুনৰ পৰা আৰম্ভ হোৱা চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছত পদক বিজয়ী অসমৰ খেলুৱৈসকলৰ বাবে ৰাজ্য চৰকাৰে আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছে । এই প্ৰতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ী সকলে ক্ৰমে ১ লাখ, ৭৫ হেজাৰ আৰু ৫০ হেজাৰ টকাৰ আৰ্থিক বঁটা লাভ কৰিব । ইয়াৰ লগতে এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলৰ প্ৰত্যেককে চৰকাৰে ২০ হেজাৰ টকাকৈ প্ৰদান কৰিব ।

উল্লেখযোগ্য যে, ১৩ জুনলৈ চলিব লগা এই প্ৰতিযোগিতাখনত সাঁতোৰ, বক্সিং, ভাৰোত্তোলন, জিমনাষ্টিক, বেডমিন্টন ,থাংটা, এথলেটিকছ, কালাৰিপায়ত্তুকে ধৰি মুঠ ১৩ বিধ ক্ৰীড়াত অসমৰ ৬২ গৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
বুধবাৰে, জনতা ভৱনৰ কাৰ্যালয় কক্ষত ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ মন্ত্রীৰ উপস্থিতিত আয়োজিত এখন উচ্চ স্তৰীয় সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
এই সভাত, ক্ৰীড়া বিভাগৰ সচিব ফাৰুক আলম, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, যুটীয়া সচিব ৰণোজ বৰকটকী, বিশেষ কৰ্তব্যৰত বিষয়া শৌৰ্য শৰ্মাকে ধৰি কেইবা গৰাকীও বিষয়া উপস্থিত থাকিল ।

উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাত অসমে এতিয়ালৈকে দুটা সোণ, সাতটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জ সহ মুঠ ১৪ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments