Thursday, July 7, 2022
HomeNewsখেলো ইণ্ডিয়া য়ুথ গেমছলৈ দিছপুৰত অসম ভাৰোত্তোলন দলৰ প্ৰস্তুতি

খেলো ইণ্ডিয়া য়ুথ গেমছলৈ দিছপুৰত অসম ভাৰোত্তোলন দলৰ প্ৰস্তুতি

খেলো ইণ্ডিয়া য়ুথ গেমছলৈ দিছপুৰত অসম ভাৰোত্তোলন দলৰ প্ৰস্তুতি

অলিম্পিয়া প্ৰতিবেদন: হাৰিয়ানাত চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছ । দিছপুৰত অসম ভাৰোত্তোলন দলৰ প্ৰস্তুতি । প্ৰশিক্ষণ দিয়াত ব্যস্ত অনুপ কোঁৱৰ, পাৰ্বতী তামাং । দলৰ প্ৰস্তুতিত সন্তুষ্ট দুই এন আই এছ প্ৰশিক্ষক ।

হাৰিয়ানাৰ পঞ্চকুলাত অহা ৪ জুনৰ পৰা আৰম্ভ হ’ব চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছ । এই প্ৰতিযোগিতাৰ বাবে অসমক প্ৰতিনিধিত্ব কৰিবলগা বিভিন্ন ক্ৰীড়া ইভেণ্টৰ দলবোৰক প্ৰস্তুত কৰি তোলা হৈছে । দল প্ৰস্তুতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে ।

আৰু অধিক পঢ়ক

দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ হলত প্ৰস্তুতি চলোৱা হৈছে অসম ভাৰোত্তোলন দলৰ । খেলো ইণ্ডিয়া য়ুথ গেমছত ২১বছৰ অনূৰ্দ্ধ আৰু ১৭ বছৰ অনূৰ্দ্ধ দুটা শাখা আছে । অসম দলৰ প্ৰস্তুতিত প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে এন আই এছ প্ৰশিক্ষকদ্বয় অনুপ কোঁৱৰ আৰু পাৰ্বতী তামাঙে । পূৰ্বতে ভাৰতীয় যুৱ ভাৰোত্তোলন দলৰ প্ৰশিক্ষক হিচাপে অভিজ্ঞতা থকা অনুপ কোঁৱৰে এই প্ৰশিক্ষণ শিবিৰটো সম্পৰ্কত মন্তব্য ৰাখে,,

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰস্তুতি সম্পৰ্কত সন্তুষ্ট দুয়ো গৰাকী প্ৰশিক্ষক । বৰ্তমান শিবিৰত নিৰ্বাচিত ৫ গৰাকী যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে যদিও নিৰ্বাচিত যুৱ খেলুৱৈসকল ৰাষ্ট্ৰীয় শিবিৰত থকাৰ বাবে তেওঁলোক পোনে পোনে পঞ্চকুলালৈ যাব ।

উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ ভাৰোত্তোলকসকলে স্বৰ্ণসহ কেইবাটাও পদক অৰ্জন কৰিছিল । সেই দিশৰ পৰা হাৰিয়ানাত অসমৰ খেলুৱৈসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰা হৈছে। গুৱাহাটীৰ এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈ আৰু প্ৰশিক্ষকক স্থানীয় এখন হোটেলত থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে ।

ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব — এইসকল খেলুৱৈয়ে হাৰিয়ানাত অসমৰ বিজয় ধ্বজা উৰুৱাওক । অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা প্ৰতিগৰাকী খেলুৱৈলৈ থাকিল অজস্ৰ শুভকামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments