খেল’ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে ৰোলবলক। খেল’ ইণ্ডিয়াত ৰোলবলক অন্তৰ্ভুক্তিৰ বাবে মনোহৰ কান্তে। ৩১ ডিচেম্বৰত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে। এই সাক্ষাৎৰ সময়ছোৱাতে মন্ত্ৰী ৰিজিজুৱে মনোহৰ কান্তেক খেল’ ইণ্ডিয়াত ৰোলবলক অন্তৰ্ভুক্তিৰ আশ্বাস প্ৰদান কৰে। মনোহৰ কান্তেই মন্ত্ৰী ৰিজিজুক সাক্ষাৎৰ সময়ছোৱাত কয় যে, ভাৰতীয় খেল ৰোলবল ২০০৩ চনতে পুনেত খেলোৱা হৈছিল। তাৰ পৰাই প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰি ৰোলবলে জনপ্ৰিয়তা লাভ কৰিছে আৰু বৰ্তমান বিশ্বৰ ৫৫খন ৰাষ্ট্ৰত খেলবিধ প্ৰচলন হৈছে। আনহাতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণেও ৰোলবলৰ চাৰ্টিফিকেট ক’ৰ্ছ আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। ইফালে চৰকাৰী চাকৰিৰ সংৰক্ষণৰ ক্ষেত্ৰটো ৰোলবলে স্থান স্থান লাভ কৰিছে। চৰকাৰী চাকৰিৰ সংৰক্ষণ ক্ষেত্ৰত নতুনকৈ ২০ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। এই ২০ বিধ নতুন খেলৰ ভিতৰত ৰোলবলকে ধৰি বেছবল, শৰীৰ চৰ্চা, চাইক্লিং, প’ল’, ফেন্সিং, নেটবল, পেৰা স্প’ৰ্টছ, ৰাগবী, চেপাক টাক্ৰ’, উশ্বু আদি অন্তৰ্ভুক্ত হৈছে।
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...