Tuesday, October 4, 2022
HomeNewsখেল' ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত অসমৰ খেলুৱৈ

খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত অসমৰ খেলুৱৈ

‘খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত অসমৰ খেলুৱৈ

অলিম্পিয়া প্রতিবেদন: বেংগালুৰুত অহা ২৩ এপ্ৰিলৰ পৰা ৩ মে লৈ হ’বলগা খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ বাবে দল প্ৰেৰণ কৰিছে অসমৰ ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে । প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত অংশগ্ৰহণ কৰিব তিনিগৰাকী মহিলা কাৰাটেকাই । তেওঁলোক হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ জোনমণি গগৈ , চান্দনী জৈন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইমন সোনোৱাল । প্ৰশিক্ষক তথা মেনেজাৰ ৰূপে যাব ফৰকাটিং কলেজৰ সহকাৰী অধ্যাপক মনাভা বেজবৰুৱা । তদুপৰি খেল তত্বাৱধায়ক ৰূপে প্ৰথম ৰাজ্যিক কাৰাটে সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক আদৰ্শ চৌধুৰীও লগত যাব ।

আৰু অধিক পঢ়ক

এতিয়ালৈকে পোৱা খবৰ মতে বেডমিণ্টনৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পুৰুষ দলটো ঘোষণা কৰিছে। তেওঁলোক হ’ল– বিশ্ববিদ্যালয়ৰ লোকাছ বৰা , ৰাজদ্বীপ শৰ্মা , সৰ্বৰ্থ গুপ্তা , অভিনৱ গগৈ , উত্তৰ লখিমপুৰ কলেজৰ অংশুমান গগৈ আৰু দুলীয়াজন কলেজৰ দীক্ষিত গগৈ । দলৰ প্ৰশিক্ষক আৰু মেনেজাৰ হিচাবে যাব বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰাণজিত বৰুৱা । গুৱাহাটী বিশ্ববিদ্যালয়ে পুৰুষ টেনিছ দলৰ নাম ঘোষণা কৰিছে । দলটোত আছে অভিষেক চাহানী , অবিনাশ বৰুৱা , বিকাশ বৈশ্য আৰু দ্বীপজ্যোতি স্বৰ্গীয়াৰী । একেদৰে ভাৰোত্তোলনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিব শিৱসাগৰৰ ডিম্পি দত্তই ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে জুৰীৰ সদস্যৰূপে বাংগালুৰুলৈ ৰাওনা হ’ব । খেল পৰিচালনাৰ বাবে অসমৰ নিপন দাস , দিগন্ত শইকীয়াকে ধৰি এথলেটিকছৰ কেইবাগৰাকীও বিষয়ববীয়া বেংগালুৰুত উপস্থিত হ’ব । খেলো’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ সফলভাবে আয়োজন কৰাৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ছাইৰ সহযোগত সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । মুঠ ২০ টা বিভিন্ন ইভেণ্টত দেশৰ ১৯০ খন বিশ্ববিদ্যালয়ৰ ৪৫০০ গৰাকী প্ৰতিযোগী সমবেত হ’ব । এই গেমছৰ মেচসমূহ দুৰদর্শন কেন্দ্ৰ , ছনী ছিক্স আৰু ছনী ওটিটি ৰ যোগেদি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । ক্ৰীড়া মন্ত্ৰালয়ে ইয়াৰ বাবে ৩৫ কোটি টকা ধার্য কৰিছিল যদিও বাজেটৰ পৰিমাণ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments