এইবাৰ ফুটবল খেলৰ মাজতে ৰেফাৰীয়ে পেছাব কৰিলে খেল পথাৰত। খেল পথাৰৰ নীতি-নিয়ম ৰক্ষাকাৰী ৰেফাৰীয়েই এইদৰে খেলপথাৰত পেছাব কৰাত স্তম্ভিত হৈ পৰিছে বিশ্ব ক্ৰীড়া ক্ষেত্ৰ। এই ঘটনাটো আকৌ সংঘটিত হৈছে ফুটবলৰ দেশ ব্ৰাজিলত।
ব্ৰাজিলৰ এক স্থানীয় প্ৰতিযোগিতাত সংঘটিত হৈছে এই ঘটনা। খেলখনৰ এটা মূহূৰ্তত ৰেফাৰীজনে সোঁ ফালে আৰু বাওঁফালে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ পেছাব কৰে। তেওঁৰ এই কাম ইমান ততাতৈয়াকৈ কৰিছিল যে প্ৰথমে ধাৰাভাষ্যকাৰে কেমেৰাত প্ৰত্যক্ষ কৰি প্ৰকৃততে কি হৈছে ধৰিবই পৰা নাছিল। কেমেৰাৰ আন এটা এংগলত হে তেওঁ এই কৰ্মৰ ধৰা পৰে। তেওঁ যিখিন ঠাইত পেছাব কৰিছিল সেই ঠাইৰ পৰাই কৰ্ণাৰ বাবে বল কিক কৰে। কেৱল ইমানেই নহয় ৰেফাৰী জনে এই কাম কৰি আকৌ হাত পৰিস্কাৰ নকৰাকৈয়ে সহ পৰিচালকক কৰমৰ্দনো কৰে।
ৰেফাৰীজনে তেওঁৰ এই কাম কোনেও দেখা নাই বুলি ভাবিছিল যদিও প্ৰকৃততে কেমেৰাত সকলো আবদ্ধ হৈছিল। ইয়াৰ পিছতে এতিয়া এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে।