Monday, October 3, 2022
HomeNewsখেল ৰত্ন লাভ কৰা সাক্ষী মালিকক লাগে অৰ্জুন সন্মান

খেল ৰত্ন লাভ কৰা সাক্ষী মালিকক লাগে অৰ্জুন সন্মান

তুষাৰ প্ৰতিম

দেশৰ ক্ৰীড়া সন্মান বাচনি কমিটিয়ে নিৰ্ধাৰণ কৰা তালিকাৰ পৰা দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে সাক্ষী মালিক আৰু মীৰা বাঈ চানুৰ নাম কৰ্তন কৰি মুঠ ২৭ গৰাকী খেলুৱৈ লৈ আগবঢ়াইছে ২০২০বৰ্ষৰ অৰ্জুন সন্মান। এই সন্মান প্ৰাপ্তিৰ বাবে প্ৰথমে ২১৫গৰাকী খেলূৱৈয়ে আৱেদন কৰিছিল যদিও ইয়াৰে ২৯ গৰাকী খেলুৱৈৰ নাম হে ক্ৰীড়া সন্মান বাচনি কমিটিয়ে নিৰ্ধাৰণ কৰি ক্ৰীড়া মন্ত্ৰালয়লৈ পঠিয়াইছিল। এই ২৯ জনীয়া তালিকাত আছিল বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত সফলতা আহৰণ কৰা ইশান্ত শৰ্মা, লাভলীনা বৰগোঁহাই, মীৰা বাঈ চানু, সাক্ষী মালিককে ধৰি খেলুৱৈসকল। কিন্তু ক্ৰীড়া মন্ত্ৰালয়ে এই তালিকাৰ পৰা সাক্ষী মালিক আৰু মীৰা বাঈ চানুৰ নাম বাতিল কৰি চূড়ান্ত তালিকা প্ৰকাশ কৰিলে। ইয়াৰ পিছতে এতিয়া আৰম্ভ হৈছে বিতৰ্ক।

দেশৰ অন্যতম সফল মল্লযুঁজাৰু তথা অলিম্পিক পদক প্ৰাপ্ত খেলুৱৈ সাক্ষী মালিকে টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ নাম অৰ্জুন সন্মান প্ৰাপ্তিৰ তালিকাৰ পৰা বাতিল কৰাক লৈ প্ৰশ্ন কৰি কৈছে, মই এনেকুৱা কি পদক দেশৰ বাবে কঢ়িয়াই আনো যে মোক অৰ্জুন সন্মানেৰে সন্মানিত কৰে।

প্ৰকৃততে অলিম্পিক পদক প্ৰাপ্ত খেলুৱৈ সাক্ষী মালিকক ২০১৬ চনত খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। খেল ৰত্ন সন্মান দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ আটাইতকৈ সৰ্বোচ্চ সন্মান। ইতিমধ্যে ক্ৰীড়া ক্ষেত্ৰৰ এই সৰ্বোচ্চ সন্মান লাভ কৰা খেলুৱৈ গৰাকীয়ে অৰ্জুন সন্মান লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ বাবেই তেওঁ এই প্ৰশ্ন উত্থাপন কৰিছে।

দেশৰ ক্ৰীড়া সন্মান বাচনি কমিটিয়ে তালিকা প্ৰস্তুত কৰাৰ সময়তো এক বিতৰ্কৰ সূচনা হৈঊ যাৰ কাৰণ আছিল সাক্ষী মালিক আৰু মীৰা।বাঈ চানু। এই দুয়োগৰাকী খেলুৱৈয়ে ইতিমধ্যে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান লাভ কৰিছে। ইয়াৰ পিছতো তেওঁলোকক পুনৰ তুলনামূলকভাৱে সৰু সন্মান আগবঢ়াবলৈ গৈ ক্ৰীড়া সন্মান বাচনি কমিটিয়ে ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন সন্মানক অসন্মানিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। আনকি এই বিষয়টোক লৈ ক্ৰীড়া মন্ত্ৰালয়ৰ ওপৰত প্ৰশ্ন‌ও উত্থাপন কৰা হৈছিল। এনে এক বিতৰ্কৰ পিছতে ক্ৰীড়া মন্ত্ৰালয়ে চূড়ান্ত কৰা সন্মান প্ৰাপ্ত খেলুৱৈৰ তালিকাৰ পৰা সাক্ষী মালিক আৰু মীৰা বাঈ চানুৰ নাম বাদ দিয়া হয়।

এই প্ৰসংগত দেশৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সফল বক্সাৰ অমিত পংঘালৰ লগতে বহু মহান খেলুৱৈয়ে আলোচনা কৰাৰ উপৰিও নিজা মন্তব্য প্ৰকাশ কৰিছে। অমিতৰ লগতে সকলোৰে একেই মন্তব্য যে, খেল ৰত্নৰ দৰে বৃহৎ সন্মান লাভ কৰাৰ পিছত খেলুৱৈক অৰ্জুন সন্মান দিয়া উচিত নহয়। তেওঁৰ পৰিবৰ্তে অন্য যুৱ প্ৰতিভাক সেই সন্মান দিয়া উচিত যাৰ জৰিয়তে তেওঁ পৰবৰ্তী সময়ত দেশৰ বাবে অধিক কষ্ট কৰাৰ প্ৰেৰণা লাভ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments