Tuesday, September 27, 2022
HomeNewsখোলো মাষ্টাৰ্ছ ৰ ডিব্ৰুগড় দলক 'ফেছ'ৰ শুভেচ্ছা

খোলো মাষ্টাৰ্ছ ৰ ডিব্ৰুগড় দলক ‘ফেছ’ৰ শুভেচ্ছা

অলিম্পিয়া প্ৰতিবেদন

নতুন দিল্লীত অনুস্থিত হ’ব লগা দ্বিতীয় ‘খেলো মাষ্টাৰ্ছ চেম্পিয়নশ্বিপ-২০২২ ‘ ত অংশগ্ৰহণৰ উদ্দেশ্য ডিব্ৰুগড় জিলাৰ পৰা অসমৰ প্ৰতিনিধিত্ব কৰিবলৈ শতাধিক খেলুৱৈৰ এক বৃহৎ দলে ডিব্ৰুগড় বাণীপুৰ ৰেলষ্টেচনৰ পৰা ২৬ এপ্ৰিলত যাত্ৰা আৰম্ভ কৰিছে ৷ প্ৰায় ৩০ বছৰৰ পৰা ৮৫ বছৰলৈকে সকলো গ্ৰুপৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতাত অসমৰ পৰা প্ৰায় ৪০০ ৰ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিবৰ বাবে নাম পঞ্জীয়ন কৰিছে ৷ নতুন দিল্লীত এই প্ৰতিযোগিতা অহা ৩০ এপ্ৰিলৰ পৰা ৩ মে’লৈ অনুষ্ঠিত হ’ব ।
ডিব্ৰুগড়ৰ অগ্ৰণী সামাজিক অনুস্থান ফাউণ্ডেচন ফৰ এডুকেচন স্পৰ্টছ এণ্ড হেল্থ চমুকৈ ‘ফেছ’ৰ উদ্যোগত অসমৰ খেলুৱৈ ৰূপে ডিব্ৰুগড়ৰ পৰা অংশগ্ৰহণ কৰা খেলুৱৈসকলক কিছু উদগনিৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰয়াস কৰা হৈছে ৷ উল্লেখ্য যে স্বৰ্ণ পদক প্ৰাপ্তসকলক ‘ফেছ’ ৰ বিশেষ কাৰ্য্যক্ৰমণিকাত অন্তৰ্ভুক্ত কৰাৰ কথাও ‘ফেছ’ৰ পৰিয়ালবৰ্গৰ হৈ ৰাতুল মণি মহন্তই জানিবলৈ দিছে ৷ লগতে খেলুৱৈসকলৰ সফল যাত্ৰা, সু-স্বাস্থ্যৰ লগতে সকলোৱে যাতে পদক দখল কৰিব পাৰে সেয়াও কামনা কৰিছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments