আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অনুশীলন। আগন্তুক ৫ ফেব্ৰুৱাৰীত ঘৰুৱা দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত প্ৰথমখন টেষ্টত মুখামুখি হ’ব। অষ্ট্ৰেলিয়াত লাভ কৰা জয়ৰে ভাৰতীয় দলটো আত্মবিশ্বাসী হৈ আছে যদিও ঘৰুৱা মাটিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী জয় কৰা ৫ জন ক্ৰিকেটাৰ দলৰ পৰা বাহিৰত থাকিবলগীয়া হ’ব।
অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতীয় দলটোৱে প্ৰথমখন টেষ্টত লজ্জাজনকভাৱে পৰাস্ত হোৱাৰ পিছত দ্বিতীয় টেষ্টত অধিনায়কৰ দায়িত্ব পালন কৰিছিল আজিংক্য ৰাহানেই। ইয়াৰ পিছতেই ক্ৰমান্বয়ে টেষ্ট শৃংখলাটোৰ প্ৰতিখন মেচতেই সৃষ্টি হৈছিল নানান আকৰ্ষণীয় ঘটনা। আঘাতে জুৰুলা কৰা ভাৰতীয় দলটোৰ এনে অৱস্থা হৈছিলগৈ যে গাব্বা টেষ্টৰ বাবে প্লেইং ১১ ৰ বাবে খেলুৱৈ নিৰ্বাচন কৰাটোৱেই কঠিন হৈ পৰিছিল। বিৰাট কোহলি পূৰ্বেই স্বদেশলৈ ঘূৰি অহাৰ উপৰিও ইশান্ত শৰ্মা আনফিট হোৱাৰ বাবেই গোটেই চিৰিজটোৰ পৰা বাহিৰত আছিল। ইয়াৰ উপৰিও বুমৰাহ, ৰবিচন্দ্ৰন আশ্বিন, ৰবীন্দ্ৰ জাডেজা আঘাতপ্ৰাপ্ত হোৱাৰ বাবে গাব্বা টেষ্টৰ পৰা বাহিৰত আছিল। এতিয়া এই তিনিওগৰাকী ক্ৰিকেটাৰ পুনৰ ফিট হৈ পৰিছে। বিৰাট আৰু ইশান্ত শৰ্মা দললৈ ঘূৰি আহিছে। ইয়াৰ উপৰিও দীৰ্ঘদিনৰ মূৰত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াও দললৈ ঘূৰি আহিছে। এনে পৰিস্থিতিত অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতীয় দলৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰা বহু কেইগৰাকী ক্ৰিকেটাৰ ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্টত শৃংখলাত দলৰ পৰা বাহিৰত থাকিবলগীয়া হোৱাটো নিশ্চিত।
গাব্বাত ভাৰতীয় দলে চাৰিগৰাকী বেগী বলাৰলৈ খেল পথাৰত নামিছিল। কিন্তু চেন্নাইত মাত্ৰ দুজন বেগী বলাৰহে থাকিব বুলি প্ৰকাশ পাইছে। যদি সেয়াই হয় তেনে বুমৰাহ আৰু ইশান্ত শৰ্মা দললৈ ঘূৰি অহাৰ বাবে চাৰ্দুল ঠাকুৰ আৰু মহম্মদ ছিৰাজ দলৰ পৰা বাদ পৰাটো নিশ্চিত হৈ পৰিব। আনহাতে টি নটৰাজন ইতিমধ্যে দলৰ পৰা বাদ পৰিছে। অৱশ্যে অষ্ট্ৰেলিয়াৰ ভূমিত ভাৰতীয় পেচ বলিঙক সন্মুখৰ পৰা নেতৃত্ব দিয়া নৱাগত মহম্মদ ছিৰাজক দলত স্থান দিয়াটো বিচাৰিছে বহুজনে। ছিৰাজে নিজৰ প্ৰতিভা আৰু দক্ষতাৰ প্ৰমাণ ইতিমধ্যে দাঙি ধৰিছে। ছিৰাজৰ বাবেই ৰণনীতি কিছু সালসলনি কৰি অৱশেষত ভাৰতীয় দলটোৱে তিনিজন বেগী বলাৰৰ সহিতে ইংলেণ্ডৰ বিৰুদ্ধে খেল পথাৰত নামিব পাৰে।
আনহাতে আন এগৰাকী ক্ৰিকেটাৰ মায়ংক আগৰৱালো দলৰ পৰা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত হৈছে।