জন্মঃ ১৯৫৫ ডিব্ৰুগড়
পিতৃ-মাতৃঃ চাইলেনচন ম’মিন আৰু কৰুণা চাংমা
লিংগঃ পুৰুষ
খেলঃ ফুটবল
অসমৰ ক্ৰীড়া অনুৰাগীৰ এটা চিনাকী নাম গিলবাৰ্টছন চাংমা। দেশৰ আগশাৰীৰ ক্লাবৰ আমন্ত্ৰণ প্ৰত্যখ্যান কৰি অসম পুুলিচৰ হৈ খেলিয়েই আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল। অসমৰ আটাইতকৈ গ্লেমাৰপূৰ্ণ এই খেলুৱৈজনে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অসমৰ নাম উজলাবলৈ সক্ষম হৈছিল।