Friday, September 30, 2022
HomeNewsগুজৰাট ৰাষ্ট্ৰীয় গেমছলৈ ২৭২ জনীয়া অসম দল ঘোষণা

গুজৰাট ৰাষ্ট্ৰীয় গেমছলৈ ২৭২ জনীয়া অসম দল ঘোষণা

গুজৰাট ৰাষ্ট্ৰীয় গেমছলৈ ২৭২ জনীয়া অসম দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন: গুজৰাট ৰাষ্ট্ৰীয় গেমছলৈ ২৭২ জনীয়া অসম দল ঘোষণা । পদকৰ যুঁজত নামিব অসমৰ বহু তাৰকা । অলিম্পিক, এছিয়ান গেমছ,কমনৱেল গেমছত পদকজয়ী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিব অসমক । সমাগত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় গেমছৰ বাবে অসম দলটো ঘোষণা কৰা হৈছে । দেওবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত এক সংবাদমেলত অসম দলটো ঘোষণা কৰিলে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ সঞ্চালকালয় আৰু অসম অলিম্পিক সন্থাই ।

অসম দলটোত আছে ২৭২ জন সদস্য । অসম দলে খেলিবলগীয়া ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ ভিতৰত আছে —- আৰ্চাৰী, মহিলা ফুটবল, যোগাসন, ৰোলাৰ স্কেটিং, লন বল, গ’লফ, চাইক্লিং, ভাৰোত্তোলন, জুডো , ফেন্সিং, উশ্বু, বক্সিং, ট্ৰাইথেলন, স্কোৱাছ, বেডমিন্টন, একোৱাটিকছ, বীচ্চ হেণ্ডবল, শ্বুটিং ৰাইফল, এথলেটিকছ আদি । এই কথা সংবাদমেলত জনালে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে —-

এই ৰাষ্ট্ৰীয় গেমছত লাভলীনা বৰগোঁহাই, শিৱ থাপা, যমুনা বড়ো, অংকুশিতা বড়ো, হিমা দাস, অম্লান বৰগোঁহাই, নয়নমণি শইকীয়া, পপী হাজৰিকা, শিংবাগী শৰ্মা, বিক্ৰম চাংমাই আদিৰ দৰে তাৰকা খেলুৱৈয়ে অসমৰ হৈ যুঁজত অৱৰ্তীণ হ’ব । প্ৰায় বিলাক তাৰকা খেলুৱৈয়ে বৰ্তমান শিবিৰত অনুশীলনত ব্যস্ত ।

অসম দলটোক লৈ আশাবাদী ধিং এক্সপ্ৰেছ হিমা দাস । উপযুক্ত সময়ত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে আহ্বান জনালে অসমকন্যাই,,,

ইফালে গুজৰাটৰ নেচনেল গেমছত পদকজয়ী খেলুৱৈক অসম চৰকাৰে মকৰলৰ ব্যবস্থা কৰাৰ সিদ্ধান্তক কৃতজ্ঞতা জনালে লক্ষ্য কোঁৱৰে । এই ঘোষণাই অসমৰ ক্ৰীড়াক্ষেত্রত আন্দোলনৰ সৃষ্টি কৰিব বুলি আশাবাদী অসম অলিম্পিক সন্থাৰ সম্পাদক জন —-

উল্লেখযোগ্য যে, লেণ্ডমাৰ্কত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকিল নেচনেল গেমছৰ চীফ দ্য মিছন ৰাজ কাকতি, অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন দাস, ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী ।

ক্ৰীড়া অনুৰাগীৰ আশা —- গুজৰাটত অসম দলটোৱে সৰ্বাধিক পদক অৰ্জন কৰক । নেচনেল গেমছত অসম গৌৰৱৰ ধ্বজা উৰক সুউচ্চ শিখৰত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments