নাগালেণ্ডৰ তৰুণ টেনিছ চাঞ্চল্য লেনিন জমিৰে লাভ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনমাউথ বিশ্ববিদ্যালয়ৰ সন্মানীয় ক্ৰীড়া বৃত্তি লাভ কৰিছে। ইয়াৰ লগে লগে তেওঁ আমেৰিকাৰ কলেজিয়েট টেনিছ চাৰ্কিটত ভাগলবলগীয়া প্ৰথমগৰাকী নাগালেণ্ড টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ১৯ বৰ্ষীয় লেনিন জমিৰে এই সন্মানীয় বৃত্তি লাভ কৰি কয় যে, এই সন্মান বহু কষ্ট আৰু নিজৰ লক্ষ্য স্থিৰ কৰাৰ বাবেই লাভ কৰিবলৈ সক্ষম হৈছোঁ।
তেওঁ আকৌ কয় যে, ব’ৰ্ডৰ পৰীক্ষাৰ বাবে মই টুৰ্ণামেণ্টৰ বাবে যাবলৈ নোৱাৰিলোঁ। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে মই টেনিছ খেলিবলৈয়ো বন্ধ কৰি দিবলগীয়া হৈছিল। পৰীক্ষা শেষ হোৱাৰ পিছত মই পুনৰ টেনিছ খেলিবলৈ আৰম্ভ কৰিলোঁ আৰু প্ৰশিক্ষণ গ্ৰহণ কৰিলোঁ।
উল্লেখ্য যে লেনিনে প্ৰথমে টাইকোৱাণ্ডৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পৰবৰ্তী সময়ত টেনিছকে নিজৰ কেৰিয়াৰ হিচাপে বাচি লৈ লেনিনে নিজৰ সপোনক সাকাৰ ৰূপ দিবলৈ গুৱাহাটীলৈ গুছি আহে। নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ আহি তেওঁ উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ বৰ্তমানলৈকে এছিয়ান আৰু আফ্ৰিকাৰ বহু কেইখন দেশৰ টুৰ্ণামেণ্টত ভাগলৈ বহু কেইটা চেম্পিয়নশ্বিপ জয় কৰাৰ উপৰিও অল ইণ্ডিয়া টেনিছ এচ’ছিয়েশ্বনৰ বহু ঘৰুৱা প্ৰতিযোগিতাৰ চেম্পিয়ন হবলৈ সক্ষম হৈছে।
ক্ৰীড়া বৃত্তি লাভ কৰি আমেৰিকালৈ যাবলৈ সাজু হোৱা লেনিনে আগন্তুক সময়ত আমেৰিকাত এই বৃত্তিৰ জৰিয়তে নিউজাৰ্চিস্থিত বিশ্ববিদ্যালয়ৰ অনাৰ্চ স্কুলত ভৰ্তিহৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৰিয়াৰ আগবঢ়াই নিব।