নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস
হেণ্ডবলৰ দৰে এক আকৰ্ষণীয় ক্ৰীড়াক নতুন ৰূপত উত্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । অসমৰ গাঁৱে-ভূয়ে জনপ্ৰিয় হেণ্ডবল খেলবিধ চহৰাঞ্চলত প্ৰচলন বৃদ্ধি কৰাৰ লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰিমিয়াৰ হেণ্ডবল লীগ । সম্পূৰ্ণ পেচাদাৰী ৰূপত হেণ্ডবলক জনপ্ৰিয় কৰি তোলা হ’ব । ক্ৰিকেট, ফুটবল, বেডমিণ্টন, টেবুল টেনিছ, কাবাদী আদিৰ দৰে হেণ্ডবলৰ যোগেদিও যাতে খেলুৱৈসকলে ধন লাভ কৰিব পাৰে তাৰবাবে প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠকে চিন্তা চৰ্চা কৰি আহিছে । এই ধাৰণা এতিয়া বাস্তবায়িত হোৱাৰ পথত । অসম হেণ্ডবল সন্থাৰ উদ্যোগত অহা ১০ জুলাইৰ পৰা ১২ জুলাইলৈ গুৱাহাটীৰ ৰাধা গোবিন্দ ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুন ৰাম ফুকন ইন’ডৰ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ অনুষ্ঠিত কৰা হ’ব । অসমকে ধৰি দেশৰ আগশাৰীৰ ১০ টা হেণ্ডবল ক্লাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । ১১ জুন, শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত পৰিচালনা সমিতিৰ এখন সভা অনুষ্ঠিত হয় । সভাখনত সভাপতিত্ব কৰে ৰাজীৱ প্ৰকাশ বৰুৱাই । সভাৰ উদ্যেশ্য বাখ্যা কৰে অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ে । অতিথি হিচাপে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, যুটীয়া সম্পাদক ৰাজ কাকতি, হীৰেণ গগৈ, ক্ৰীড়া সংগঠক ভৱজিৎ গোস্বামী, জেহৰুল ইছলাম, গনেশ তামুলী, প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, অসমৰ বিভিন্ন জিলাৰ হেণ্ডবল সন্থাৰ সভাপতি-সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াৰ লগতে ক্ৰীড়া সংগঠক সকল । ইয়াৰ জড়িয়তে অসমত হেণ্ডবল খেলৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে । আটায়ে প্ৰিমিয়াৰ লীগখন গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে অসম হেণ্ডবল সন্থাক ধন্যবাদ জনায় । প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৫০ হেজাৰ টকা, দ্বিতীয় ৩০ হেজাৰ আৰু তৃতীয় ২০ হেজাৰ টকা। ইয়াৰ উপৰি শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ’ল ৰক্ষক আদিকো নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব । ইতিমধ্যে ছাব কমিটীৰ সদস্যসকলক নিজৰ নিজৰ দায়িত্ব পালন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে । অসম দলৰ প্ৰশিক্ষণ আৰু বাচনি শিবিৰ অনুষ্ঠিত হ’ব নলবাৰীত । প্ৰিমিয়াৰ লীগখনৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে । সেয়েহে প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠকসকলক হেণ্ডবল খেল সম্পৰ্কীয় লিখনি, ফটো আৰু হেণ্ডবলৰ ইতিহাস সম্বলিত যিকোনো তথ্য বিভাগীয় সম্পাদক দীপক কুমাৰ দাস, মোবাইল নম্বৰ ৭০০২২-৭১০৪৬ নম্বৰত পঠাই দিবলৈ আহ্বান জনোৱা হৈছে ।