Wednesday, August 10, 2022
HomeNewsগুৱাহাটীত অনুষ্ঠিত হ'ব টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ

গুৱাহাটীত অনুষ্ঠিত হ’ব টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটীত অনুষ্ঠিত হ’ব টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ । আনুষ্ঠানিক ঘোষণা বিচিচিআইৰ । সমুখ সমৰত ভাৰত বনাম দক্ষিণ আফ্ৰিকা ।

পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ উন্মাদনাত বুৰ যাব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম । অসমবাসীৰ অপেক্ষাৰ অন্ত পৰিল । অসমবাসীৰ লগতে সমগ্ৰ উত্তৰ- পূবৰ দৰ্শকে বৰ্ষাপাৰাত উপভোগ কৰিব পাৰিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ । বুধবাৰে বিচিচিআইয়ে অসমবাসীৰ বাবে দিলে এই সুখবৰ । অহা ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাই গুৱাহাটীত অনুষ্ঠিত হ’ব টি- ২০ মেচ । ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ দ্বিপাক্ষিক মেচখন প্ৰত্যক্ষ কৰিব পাৰিব ক্ৰিকেট অনুৰাগীয়ে ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে বুধবাৰে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণৰ সূচী ঘোষণা কৰিছে । অহা ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব লগা অষ্টেলিয়াৰ ভাৰত ভ্ৰমণৰ তিনিখন টি 20 মেচ ক্ৰমে মোহালি, নাগপুৰ আৰু হায়দৰাবাদত অনুষ্ঠিত হ’ব । সেইদৰে, সূচী অনুসৰি দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণৰ প্ৰথম টি -২০ মেচ ২৮ ছেপ্টেম্বৰত তীৰুৱন্তপুৰমত অনুষ্ঠিত হ’ব । ইয়াৰ পাছতেই দ্বিতীয় খন টি-২০ মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত । আনহাতে, তৃতীয়খন মেচ অনুষ্ঠিত হ’ব ইন্দোৰত । আনহাতে, ৬ অক্টোবৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ আৰম্ভ হ’ব তিনিখন মেচৰ এদিনীয়া শৃংখলা । এই এদিনীয়া অনুষ্ঠিত হ’ব ক্ৰমে লক্ষ্ণৌ, ৰাঁছী আৰু দিল্লীত ।

বুধবাৰে বিচিচিআইয়ে এই ঘোষণা কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে অসম তথা উত্তৰ- পূবৰ ক্ৰিকেট অনুৰাগী । বহু দিনৰ বিৰতিত এখন আন্তঃৰাষ্ট্ৰীয় খেল ওচৰৰ পৰা উপভোগ কৰিব অনুৰাগীয়ে মেন ইন ব্লুৰ বলিং ত্রাস আৰু বেটিং তাণ্ডৱ প্ৰত্যক্ষ কৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে সহস্ৰজন অনুৰাগী । এতিয়া অপেক্ষা মাথোন অহা ২ অক্টোবৰলৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments