Sunday, October 2, 2022
HomeNewsগুৱাহাটীত অব্যাহত টেবুল টেনিছ ইউনাইটেড লীগ

গুৱাহাটীত অব্যাহত টেবুল টেনিছ ইউনাইটেড লীগ

অলিম্পিয়া প্ৰতিবেদন

অসমৰ ক্ৰীড়া ইতিহাসত এখোজ আগুৱালে টেবুল টেনিছে । ৰং বিৰঙি পোহৰৰ মাজত ৰাজ্যত প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ । নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেচনৰ সৌজন্যত যোৱা শুক্ৰবাৰৰ পৰা দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই । তেওঁৰ লগত মঞ্চত উপস্থিত থাকে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, গুৱাহাটী ছাইৰ সঞ্চালক সতীশ সাৰহাদি, সমাজ সেৱক অৰ্জুন শইকীয়া, নগাঁও জিলা ক্ৰীড়া সন্থাৰ সম্পাদক প্লাৱন বৰুৱা, খানাপাৰা দিল্লী পাব্লিক স্কুলৰ উপাধ্যক্ষ অজন্তা চৌধুৰী আৰু নগেন শইকীয়া টেবুল টেনিছ ফাউণ্ডেচনৰ সভাপতি মদালসা বৰুৱা হাজৰিকাৰ লগতে আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ গৌতম হাজৰিকা ।
ৰাজ্যত প্ৰথমবাৰৰ বাবে অতি জাকজমকতাৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে সৰ্বমুঠ ১৬ টা দলৰ ২৫০ গৰাকী পেডলাৰে । অসমৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যৰ ৩০ গৰাকী ৰেংকিংপ্ৰাপ্ত ৩০ খেলুৱৈয়ে ইয়াত অংশ লৈছে । প্ৰতিযোগিতাৰ চেম্পিয়ন দলে নগদ ১ লাখ টকা লাভ কৰিব । দ্বিতীয় আৰু তৃতীয় স্থানৰ দলে পাব ক্ৰমে ৯০ হেজাৰ আৰু ৭০ হেজাৰ টকা । এক পেচাদায়ী পদ্ধতিৰে অনুষ্ঠিত এই লীগত অংশগ্ৰহণ কৰা ১৬ টা দলক ক্ৰয় কৰিছে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকে । তাৰ ভিতৰত নগাঁৱৰ জায়েণ্ট হুৱেলছক ক্ৰয় কৰিছে অমিতাভ বৰাই, ২) হপিং কেংগেৰু : অনিমেষ ৰয়, জ্যোতিৰ্ময় বৰভূঞা, শিলচৰ
৩) স্কেৰি শ্বাৰ্কছ : অনুপল বৰা, ডিব্ৰুগড়
৪) ছাইলেণ্ট প’লাৰ বিয়েৰ : কুকিল দত্ত, দুলীয়াজান
৫) গ্লাইডিং ঈগলছ : মদালসা বৰুৱা, গুৱাহাটী
৬) হাউলিং ৱল্ভছ : বিকাশ পাল, বিৰাজ ধৰ, শিলচৰ
৭) ফিয়েৰলেছ লায়নছ : যুগল কিশোৰ মহন্ত, ডিব্ৰুগড়
৮) ডমিনেটিং এলিফেন্টছ ঘৃতাশ্ৰী হাজৰিকা দাস, গুৱাহাটী
৯) লেজি পাণ্ডাছ : নিতুল আহমেদ, শিৱসাগৰ
১০) ব্লেক পেন্থাৰ্ছ : গীতাৰ্থ দাস, গুৱাহাটী
১১) লাইটনিং চিতাহ : প্ৰশান্ত বৰা, প্ৰশান্ত দত্ত, ডিব্ৰুগড়
১২) গ্ৰ’লিং গৰিলাজ : প্ৰয়াস ভাৰদ্বাজ, চিংকু ৰাজখোৱা, যোৰহাট /দুলিয়াজান
১৩) ইলুছিভ লিঅ’পাৰ্ডছ :
এম পি এ গ্ৰুপছ, গুৱাহাটী
১৪) ক্লেভাৰ ডলফিনছ : ৰঞ্জিতা শৰ্মা, গুৱাহাটী
১৫) ফেৰচিয়াছ টাইগাৰছ : বৰ্ণালী নাথ, গুৱাহাটী
১৬) হামবুল ৰাইনোছ : নিলাক্ষী দত্ত, গুৱাহাটী ।

ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক এবছৰৰ বাবে এক লাখ টকাৰ স্বাস্থ্য বীমাৰে সামৰি লোৱাৰ লগতে স্ক’ৰডেমী নামৰ এক শৈক্ষিক প্ৰতিষ্ঠানে চেম্পিয়ন দলক ব্ৰেণ্ড এম্বেচেদৰ ৰূপে গন্য কৰিব আৰু প্ৰথম তিনিটা স্থানপ্ৰাপ্ত দলক নগত ধনৰ প্ৰাইজমানী প্ৰদান কৰিব । তদুপৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দলক নগদ ধন প্ৰদান কৰাৰ কথাও উল্লেখ কৰিছে আয়োজক কমিটিয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments