Friday, September 30, 2022
HomeNewsগুৱাহাটীত অভিৰুচি ক্ৰীড়া দিৱস পালন

গুৱাহাটীত অভিৰুচি ক্ৰীড়া দিৱস পালন

গুৱাহাটীত অভিৰুচি ক্ৰীড়া দিৱস পালন

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীত অভিৰুচি ক্ৰীড়া দিৱস পালন । পুৱাই ৰাজপথলৈ ওলাই আহিল খেলুৱৈ, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক । চানমাৰী উৰণীয়া সেতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ সামূহিক দৌৰ । দৌৰৰ নেতৃত্ব ল’লে অলিম্পিয়ান দীপা কৰ্মকাৰে ।

আজি ৩ ছেপ্টেম্বৰ । সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে ৩৯ সংখ্যক অভিৰুচি দিৱস । আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাই । গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে এই দিৱস । শনিবাৰে পুৱাই অভিৰুচিৰ তৰফৰ পৰা উলিওৱা হয় সামূহিক দৌৰ ।

অংশ ল’লে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীৰ লগতে ৰাজ্যৰ ক্ৰীড়াক্ষেত্রৰ বহু বিশিষ্ট ব্যক্তিয়ে । চানমাৰী উৰণীয়া সেতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ সামূহিক দৌৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সামূহিক দৌৰৰ নেতৃত্ব দিলে অলিম্পিয়ান দীপা কৰ্মকাৰে । তেওঁক সংগ দিলে প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দীয়ে । অসমীয়া স্বাভিমানী গামোচাৰে সম্ভাষণ জনালে দীপা কৰ্মকাৰ আৰু প্ৰশিক্ষক নন্দীক ।

অভিৰুচি ক্ৰীড়া দিৱসৰ অভিবাদন গ্ৰহণ কৰিলে অলিম্পিয়ান দীপা কৰ্মকাৰে । মাৰ্চ পাষ্টৰ শব্দত মুখৰিত হ’ল চানমাৰী উৰণীয়া সেতু । ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত অলিম্পিয়ানগৰাকী —

ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলে অসমৰ প্ৰথম অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত শুভেচ্ছাৰে উপচাই পেলালে । ইফালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিল দ্ৰোণাচাৰ্য সন্মানেৰে বিভূষিত প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দী —

উল্লেখযোগ্য যে, এই অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ প্ৰাক্তন স্বাস্থ্য মন্ত্রী ডা: কমলা কলিতা, প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, অভিৰুচিৰ প্ৰাক্তন অধ্যক্ষ ড০ এন কে সিং, ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্যসচিব গীতাৰ্থ গোস্বামীকে আদি কৰি বিশিষ্ট ব্যক্তিসকল ।

উল্লেখযোগ্য যে,  ১৯৬৬  চনত এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই । অসমৰ প্ৰথম অৰ্জুন গৰাকীলৈ অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও জন্মদিনৰ অযুত শুভকামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments