Wednesday, July 6, 2022
HomeNewsগুৱাহাটীত অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱানডো চেম্পিয়নশ্বিপ

গুৱাহাটীত অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱানডো চেম্পিয়নশ্বিপ

গুৱাহাটীত অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱানডো চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন: এজাক টাইকোৱানডো খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱানডো চেম্পিয়নশ্বিপত তিনি সহস্ৰাধিক খেলুৱৈৰ অংশগ্ৰহণ । লোকে লোকাৰণ্য দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়াম । শনিবাৰৰ পৰা গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে তিনিদিনীয়া অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱানডো চেম্পিয়নশ্বিপ ।

আৰু অধিক পঢ়ক

প্ৰগ্ৰেছিভ ছেল্ফ ডিফেন্স এণ্ড ফিটনেছ একাডেমীৰ উদ্যোগত আয়োজন কৰা হৈছে এই বৃহৎ টুৰ্ণামেন্ট । ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ পৰাই ৬০ টা টাইকোৱানডো ক্লাবৰ খেলুৱৈৰ সমাবেশ ঘটিছে এই টুৰ্ণামেন্টত । গাঁৱে ভূঞে সিঁচৰতি হৈ থকা টাইকোৱানডো ক্লাবৰ খেলুৱৈক এখন প্ৰতিযোগিতাৰ মঞ্চ প্ৰদানৰ চেষ্টা কৰিছে উদ্যোক্তাই ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

পোমচে আৰু কায়য়ুগী ইভেন্টৰ বিভিন্ন কিঃগ্ৰা শাখাত খেলুৱৈসকলে উজাৰি দিছে নিজৰ শ্ৰেষ্ঠত্ব । দুৰ্দান্ত প্ৰৰ্দশনৰে জিলিকিছে অসমৰ টাইকোৱানডো খেলুৱৈ । এই বৃহৎ টুৰ্ণামেন্টত উপস্থিত থাকিল অসম টাইকোৱানডো সন্থাৰ মুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ দাস । এনে প্ৰতিযোগিতাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰিব বুলি আশাবাদী তেওঁ ।

ইফালে, এই আন্তঃকাব টাইকোৱানডোত উপস্থিত থাকি আপ্লুত হৈ পৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈ পৰাগধৰ কোঁৱৰ । ক’ভিড পৰিস্থিতিৰ পাছত এনে প্ৰতিযোগিতাই খেলুৱৈক পৰৱৰ্তী ৰাষ্ট্ৰীয় মানৰ খেলৰ বাবে সহায় কৰিব বুলি মন্তব্য কৰে তেওঁ ।

প্ৰায় দুটা বছৰ বিৰতিৰ পাছত এনে সুন্দৰ টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত উদীয়মান খেলুৱৈসকল । সকলোৰে চকুত পদক জয়ৰ সপোন । অসমৰ বিভিন্ন ঠাইৰ পৰা ক্লাবৰ কণমাণি খেলুৱৈসকলে প্ৰকাশ কৰিলে মনোভাৱ ।

দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত ব্যাপক দৰ্শকৰ সমাৱেশ । হাত চাপৰি, উৎসাহ উদ্দীপনাত প্ৰাণ পাই উঠিল টাইকোৱানডোৰ ৰণক্ষেত্র। অভিভাৱক সকলো নিজৰ সন্তানক লৈ আশাবাদী । তেওঁলোকৰ সকলোৰে প্ৰত্যাশা — নিজৰ সন্তানে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে আজুৰি আনক পদক ।

এইদৰেই এতিয়া হেজাৰ হেজাৰ উদীয়মান প্ৰতিভাই ক্ৰীড়াঙ্গনত দাঙি ধৰিছে সমৰকলা । ক্ৰীড়া অনুৰাগীৰ আশা – -এনে প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ গ্ৰাম্যাঞ্চলৰ খেলুৱৈসকলে এখন উপযুক্ত মঞ্চ লাভ কৰক । সৃষ্টি হওক ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানডো খেলুৱৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments