Monday, July 4, 2022
HomeNewsগুৱাহাটীত আন্তঃজিলা ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপ

গুৱাহাটীত আন্তঃজিলা ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন

 

উদীয়মান উশ্বু খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰৰ্দশন । সমৰকলাত অপ্ৰতিৰোধ্য অসমৰ ছাব জুনিয়ৰ খেলুৱৈ । ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেললৈ সাজু । সমৰকলাত জীপাল দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামৰ উশ্বু ট্ৰেইনিং হল ।

শনিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামৰ উশ্বু ট্ৰেইনিং হলত অনুষ্ঠিত হৈছে ১৯ সংখ্যক আন্তঃজিলা ছাব জুনিয়ৰ লৰা- ছোৱালী উশ্বু চেম্পিয়নশ্বিপ । অসম উশ্বু সন্থাৰ সহযোগত তথা কামৰূপ মেট্ৰ উশ্বু সন্থাৰ উদ্যোগত আয়োজিত হৈছে এই প্ৰতিযোগিতা । ২৬ খন জিলাৰ প্ৰায় ৪০০ উশ্বু খেলুৱৈয়ে উজাৰি দিছে নিজৰ শ্ৰেষ্ঠত্ব । ১৪ টা ইভেন্ট অনুষ্ঠিত হৈছে বিভিন্ন ওজন গোটৰ শাখাত । অহা ৯ জুলাইৰ পৰা ১৪ জুলাইলৈ হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব ছাব জুনিয়ৰ নেচনেল চেম্পিয়নশ্বিপ । গতিকে ছাব জুনিয়ৰ পৰ্যায়ৰ খেলুৱৈক নেচনেলৰ বাবে এই প্ৰতিযোগিতাৰ পৰাই বাছনি কৰা হ’ব । বিগত বৰ্ষৰ ছাব জুনিয়ৰ নেচনেলত অসমৰ পদক আছিল ১৭ টা । এইবাৰো সুন্দৰ ফলাফল আশা কৰিছে অসম উশ্বু সন্থাৰ সম্পাদক ৰঞ্জিত বড়োৱে ।

 

এই ৰাজ্যিক উশ্বু প্ৰতিযোগিতাৰ পৰা ভাল খেলুৱৈ সৃষ্টিৰ আশা ৰাখিছে কামৰূপ মহানগৰ জিলাৰ বিষয়-ববীয়াই । নেচনেলৰ বাবে বাছনি হবলগীয়া অসম দলটোৱে আগন্তুক সময়ত অসমলৈ সুনাম কঢ়িয়াই আনিব বুলি মন্তব্য কৰিলে কামৰূপ মহানগৰ জিলা উশ্বু সন্থাৰ যুটীয়া সম্পাদক কুমুদ গগৈয়ে,,

ক্ৰীড়া অনুৰাগীৰ আশা– -এনে টুৰ্ণামেন্টৰ জৰিয়তে সুপ্ত প্ৰতিভা জিলিকি উঠক । ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ উশ্বুতো অসমৰ খেলুৱৈয়ে আঁজুৰি আনক শ্ৰেষ্ঠত্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments