Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত আৰম্ভ নৱম উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ

গুৱাহাটীত আৰম্ভ নৱম উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন

নৱম উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ ৷সমাবেশ ঘটিছে উত্তৰ পূৰ্বাঞ্চলৰ বহু উদীয়মান শ্বুটাৰৰ ৷
প্ৰতিযোগিতাৰ পূৰ্বে অনুশীলনত ব্যস্ত বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈ সকল ৷

উত্তৰ পূৰ্বাঞ্চলৰ শ্বুটিং ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন অনাৰ লক্ষ্যৰে অসম ৰাইফল আৰু শ্বুটিং সন্থাই আয়োজন কৰিছে” নৱম উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ”৷ শনিবাৰে কাহিলীপাৰাৰ চতুৰ্থ আৰক্ষী বেটেলিয়ানৰ আছাম স্পৰ্টছ শ্বুটিং ৰেঞ্জত সমাবেশ ঘটিছে অসমৰ উপৰি বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈৰ ৷
দেওবাৰৰ পৰা প্ৰতিযোগিতাখন আৰম্ভ হ’ব যদিও শনিবাৰে এনেদৰে প্ৰতিযোগীসকলে লক্ষ্যভেদ কৰিবলৈ অনুশীলনত ব্যস্ত হৈ পৰিছে ৷

সৰ্বমুঠ ২৫৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে পঞ্জীয়ন কৰিছে খেলুৱৈসকলে ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড আদিৰ ৰাজ্যৰ খেলুৱৈয়ে ৷ ইয়াৰ উপৰি আৰ্মি মাৰ্কছমেনশ্বিপ গোট আৰু অসম ৰাইফল মাৰ্কছমেনশ্বিপ গোটেও প্ৰতিনিধিত্ব কৰিছে ৷ প্ৰতিযোগিতাখনৰ সন্দৰ্ভত মন্তব্য কৰিছে অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ বিষয়-ববীয়াই৷

এই প্ৰতিযোগিতাখনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শ্বুটিং ক্ষেত্রত এক জাগৰণৰ সৃষ্টি হ’ব বুলি আশাবাদী অসম ৰাইফল আৰু শ্বুটিং সন্থা ৷অসমৰ খেলুৱৈৰ সকলৰ বাবে এই খেলে উপকৃত কৰিব বুলি মন্তব্য সন্থাৰ ৷ইফালে ছাৰ্ভিছ শাখাত প্ৰতিনিধিত্ব কৰিবৰ বাবে আহিছে এইগৰাকী উত্তৰ প্ৰদেশৰ শ্বুটাৰ ৷পদক অৰ্জনৰ আশাত বন্দী শ্বুটাৰ গৰাকী ৷ মেঘালয়ৰ শ্বুটাৰৰ সৈতে আহিছে এইগৰাকী টীম মেনেজাৰ ৷
উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপক লৈ আত্মবিশ্বাসী দলটো ৷গুৱাহাটীৰ পৰা অসমক প্ৰতিনিধিত্ব কৰিব এইগৰাকী উদীয়মান শ্বুটাৰে ৷ ছাব য়ুথ আৰু য়ুথ শাখাত শ্ৰেষ্ঠত্বৰ দৌৰত অৱৰ্তীণ হব’লৈ সাজু খেলুৱৈ গৰাকী ৷ অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ পদক্ষেপক শলাগিলে অভিভাৱকে ৷ এই প্ৰতিযোগিতাত পদকজয়ী সকলে ৰাষ্ট্ৰীয় পৰ্য্যায়তো ভাল প্ৰদৰ্শন আগবঢ়াব বুলি আশাবাদী এইগৰাকী মাতৃ ৷

ক্ৰীড়া অনুৰাগীৰ আশা -উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হওঁক ৷
এনে প্ৰতিযোগিতাৰ আচলত ধৰিয়েই ন-ৰূপেৰে উদ্ভাষিত হওক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শ্বুটাৰ ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments