অসম সাঁতোৰ ক্ষেত্রত ইতিহাস সৃষ্টি । গুৱাহাটীত আৰম্ভ বৃহৎ জল ক্ৰীড়া প্ৰতিযোগিতা । তিনি শতাধিক সাঁতোৰবিদৰ অংশগ্ৰহণৰে জীপাল বিমলা প্ৰসাদ চলিহা ছুইমিং পুল ।
শুক্ৰবাৰৰ পৰা অসম সাঁতোৰ সন্থাৰ প্ৰচেষ্টাত অনুষ্ঠিত হৈছে তিনিদিনীয়া ২৯ সংখ্যক অসম ৰাজ্যিক একুৱাটিক চেম্পিয়নশ্বিপ । ৰাজ্যৰ ১৪ খন স্বীকৃতিপ্ৰাপ্ত জিলাৰ ৩০০ ৰো অধিক খেলুৱৈয়ে উজাৰি দিছে নিজৰ শ্ৰেষ্ঠত্ব । দৰ্শকৰ হৰ্ষ উল্লাসত মুখৰিত বিমলা প্ৰসাদ চলিহা ছুইমিং পুলৰ গেলাৰী । শুকুৰবাৰে পুৱাই অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে উদ্ধোধন কৰিলে এই একুৱাটিক চেম্পিয়নশ্বিপ । বন্তি প্ৰজ্বলন কৰিলে অসম সাঁতোৰ সন্থাৰ সভাপতি ৰঞ্জিত বৰগোঁহায়ে ।
এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিল আন্তঃৰাষ্ট্ৰীয় সাতোৰবিদ এলভিছ আলী হাজৰিকা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়, সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুং, কনিষ্ঠ সন্তৰণবিদ কস্তুৰী গগৈ ।
উদ্বাধনী অনুষ্ঠানতে অলপতে সাগৰীয় সাঁতোৰত সৃষ্টি কৰা অভিলেখৰ বাবে অসম সাঁতোৰ সন্থাৰ তৰফৰ পৰা বাবুল গুৰুং আৰু কস্তুৰী গগৈক জনোৱা হয় সম্বৰ্ধনা । লগতে, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়ক দিয়া হয় আৰ্থিক অনুদান । উল্লেখযোগ্য যে, প্ৰতিযোগিতাৰ প্ৰাকক্ষণত পৰলোকপ্ৰাপ্তি হোৱা অসম সাঁতোৰ প্ৰাক্তন সভাপতি সমীৰণ বৰদলৈ, উপ সভাপতি বিষ্ণু তাঁতি, যোৰহাট ছুইমিং ছচাইটিৰ সাঁতোৰ প্ৰশিক্ষক জয় প্ৰকাশ বৰাৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ।
একুৱাটিক চেম্পিয়নশ্বিপক লৈ আশাবাদী অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাস । এই প্ৰতিযোগিতাৰ পৰাই জুনিয়ৰ আৰু ছাব জুনিয়ৰ নেচনেলৰ বাবে অসম দলটো ঘোষণা কৰা হ’ব ।
অসমত পোন প্ৰথমবাৰৰ বাবে সাঁতোৰ প্ৰতিযোগিতাৰ লগতে ডাইভিং আৰু ৱাটাৰ পল প্ৰতিযোগিতাও সংযোজন কৰা হৈছে ।
তিনিটা বয়স শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আনন্দিত কণ কণ খেলুৱৈসকলক । পদক লাভ কৰি প্ৰকাশ কৰিলে মনোভাৱ ।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ পলাশ চাংমাই । তেওঁ পোনপথমে এনে সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে অসম সাঁতোৰ সন্থাক জনালে ধন্যবাদ । লগতে গুৱাহাটী বা যোৰহাটৰ দৰে অসমৰ বাকী জিলাতো পৰ্যাপ্ত সুবিধাৰে ছুইমিং পুলৰ পোষকতা কৰিলে ।
পলাশ চাংমাইয়ে অসম সাঁতোৰ সন্থাৰ লগত চৰকাৰৰ সহযোগিতা কামনা কৰিলে । অসমৰ প্ৰতি সমষ্টি বা জিলাৰ সদৰে সদৰে বিমলা প্ৰসাদ চলিহা ছুইমিং পুলৰ দৰে চুইমিং পুল থাকিলেহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সাঁতোৰবিদে সুনাম অৰ্জন কৰিব বুলি আশাবাদী তেওঁ ।
ক্ৰীড়া অনুৰাগীৰ আশা — এই একুৱাটিক চেম্পিয়নশ্বিপৰ জৰিয়তে জন্ম হওক উদীয়মান সাঁতোৰবিদৰ । গাঁৱে- ভূঞে সিঁচৰতি হৈ থকা সন্তৰণবিদে লাভ কৰক সাঁতোৰৰ সুন্দৰ মঞ্চ ।