Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত ইণ্ডিয়া অ'পেন ফুল কন্টেক্ট কাৰাটে

গুৱাহাটীত ইণ্ডিয়া অ’পেন ফুল কন্টেক্ট কাৰাটে

গুৱাহাটীত ইণ্ডিয়া অ’পেন ফুল কন্টেক্ট কাৰাটে

অলিম্পিয়া প্রতিবেদন: গুৱাহাটীত অহা ১৪ -১৫ মে’ত অনুষ্ঠিত হ’ব তৃতীয় ইণ্ডিয়া কে ডব্লিউ এফ অপেন ফুল কন্টেক্ট কাৰাটে চেম্পিয়নশ্বিপ । এই প্ৰতিযোগিতা আয়োজন কৰিছে ইণ্ডিয়া কে ডব্লিউ এফ আৰু কায়কুচিন কাই কান কাৰাটে অৰ্গেনাইজেচন, অসমে । প্ৰতিযোগিতাখনৰ স্থান হ’ল কটন বিশ্ববিদ্যালয়ৰ ডাঃ টি আও ইনড’ৰ ষ্টেডিয়াম । এই কথা জনাইছে কে ডব্লিউ এফৰ সভাপতি ছিহান এণ্টনীঅ’ পিনেৰো আৰু ইণ্ডিয়া কে ডব্লিউ এফৰ সাধাৰণ সম্পাদক ছেনছেই ভাগ্যেশ্বৰ কুলীয়ে । প্ৰতিযোগিতাখনত যোগদান কৰিবলৈ ইচ্ছুক আগ্ৰহী কাৰাটেকাই ৭০৮৬৯ ৫৩০৯৭ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

ইতিমধ্যে এই ইণ্ডিয়া অপেন ফুল কন্টেক্ট কাৰাটে টুৰ্ণামেণ্টখনৰ বাবে পশ্চিমবংগ , দিল্লী , ত্ৰিপুৰা , মেঘালয় , কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ দলে যোগদান নিশ্চিত কৰিছে । দেশৰ বাকী ৰাজ্যৰ দলবোৰৰ যোগদানৰ নিশ্চিতি এতিয়াও সম্পূৰ্ণ হোৱা নাই । প্ৰতিবছৰৰ দৰে এইবাৰো নেপালৰ এটা দল অহাৰ কথা আছিল যদিও অহা ১৪ মে ত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে দলটোৱে যোগদান বাতিল কৰিছে । আয়োজকৰ হৈ ভাগ্যেশ্বৰ কুলীয়ে জনোৱা মতে যোৱা ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামত ৰাজ্যিক ভিত্তিত ফুল কন্টেক্ট কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । লক্ষ্যণীয় যে ফুল কন্টেক্ট কাৰাটেৰ অনুশীলন নকৰা কাৰাটেকাই এই প্ৰতিযোগিতাত অসুবিধাৰ সন্মুখীন হ’ব কাৰণ অধিকাংশ কাৰাটে সংগঠনে ছেমি কন্টেক্ট কাৰাটেৰ অনুশীলন কৰে ।

আৰু অধিক পঢ়ক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments