Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত খেলো ইণ্ডিয়া জুনিয়ৰ গালৰ্ছ এণ্ড য়ুথ ৱমেন অপেন বক্সিং চেম্পিয়নশ্বিপৰ উদ্বোধনী...

গুৱাহাটীত খেলো ইণ্ডিয়া জুনিয়ৰ গালৰ্ছ এণ্ড য়ুথ ৱমেন অপেন বক্সিং চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান

অলিম্পিয়া প্ৰতিবেদন

 

গুৱাহাটী ছাইত জুনিয়ৰ ছোৱালী বক্সাৰৰ সমাবেশ । আৰম্ভ হ’ল খেলো ইণ্ডিয়া জুনিয়ৰ গালৰ্ছ এণ্ড য়ুথ ৱমেন অপেন বক্সিং চেম্পিয়নশ্বিপ । ৯ খন ৰাজ্যৰ অংশগ্ৰহণ ।

ৰিঙত এজাক কণ কণ কিশোৰী । সকলোৰে চকুত পদক জয়ৰ সপোন । শুক্ৰবাৰৰ পৰা গুৱাহাটীৰ ছাইত আৰম্ভ হল খেলো’ ইণ্ডিয়া জুনিয়ৰ গালৰ্ছ এণ্ড য়ুথ ৱমেন অপেন বক্সিং চেম্পিয়নশ্বিপ । নতুন প্ৰতিভাৰ সন্ধানত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ সহযোগত সমগ্ৰ দেশত পাঁচটা মাণ্ডলিক বক্সিং প্ৰতিযোগিতা আৰম্ভ হৈছে । শুক্ৰবাৰে পূব মণ্ডলৰ খেলসমূহ গুৱাহাটী ছাইত আৰম্ভ হৈছে । জুনিয়ৰ আৰু য়ুথ শাখাত শ্ৰেষ্ঠত্বৰ দৌৰত নামিছে ৯ খন ৰাজ্যৰ খেলুৱৈ । প্ৰায় ১৮০ গৰাকী ছোৱালী বক্সাৰৰ সমাবেশ ঘটিছে গুৱাহাটীৰ ছাইত । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্যসচিব গীতাৰ্থ গোস্বামী, ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী, মি: ইণ্ডিয়া বিজিত গগৈ, গুৱাহাটী ছাইৰ সঞ্চালক সতীশ ছাৰহাদী, সহ সঞ্চালক সৰ্বা দৈন্য থাকৰে, অসম বক্সিং সন্থাৰ প্ৰাক্তন সভাপতি কালিকান্ত বড়ো, ভাৰতীয় বক্সিং ফেডাৰেচনৰ সম্পাদক হেমন্ত কলিতা আদি বিশিষ্ট ব্যক্তিসকল । উদ্বোধনী অনুষ্ঠানত অতিথিসকলক বক্সিং গ্লোভছ উপহাৰ দিলে ভাৰতীয় বক্সিং ফেডাৰেচনৰ সম্পাদক হেমন্ত কলিতাই । লগতে বিভিন্ন ৰাজ্যৰ খেলুৱৈক অসমীয়াৰ স্বাভিমানী গামোচাৰে সম্ভাষণ জনালে উদ্যোক্তাই । প্ৰতিযোগিতা সন্দৰ্ভত মন্তব্য কৰে ভাৰতীয় বক্সিং ফেডাৰেচনৰ সম্পাদক হেমন্ত কলিতাই ——

 

ছোৱালী বক্সিং চেম্পিয়নশ্বিপৰ জৰিয়তে অসমত নতুন দিগন্তৰ সূচনা হ’ব বুলি আশাবাদী ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্যসচিব গীতাৰ্থ গোস্বামী । অসমক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন আছে, তাত ছাই আৰু বক্সিং ফেডাৰেচনৰ সহযোগিতাক শলাগিলে তেওঁ —-

 

আনহাতে, খেলো ইণ্ডিয়া জুনিয়ৰ গালৰ্ছ এণ্ড য়ুথ ৱমেন অপেন বক্সিং চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আনন্দিত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ । তৃণমূল পৰ্যায়ৰ পৰা বক্সাৰসকলক উলিয়াই অনাৰ পদক্ষেপক প্ৰশংসা কৰিলে মিষ্টাৰ ইণ্ডিয়াজনে —–

 

ক্ৰীড়া অনুৰাগীৰ আশা — গুৱাহাটীৰ ছাইত সাফল্যমণ্ডিত হওক খেলো ইণ্ডিয়া জুনিয়ৰ গালৰ্ছ এণ্ড য়ুথ ৱমেন অপেন বক্সিং চেম্পিয়নশ্বিপ । এনে প্ৰতিযোগিতাৰ আচলত ধৰিয়েই বহুদূৰ আগুৱাই যাওক অসমৰ বক্সিং ক্ষেত্ৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments