অলিম্পিয়া প্ৰতিবেদন
নৃত্য গীতত জীপাল গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়াম । বিহুৱা ৰঞ্জিত গগৈৰ বিহু দলৰ ঢোলৰ শব্দত মুখৰিত জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান ।
শনিবাৰৰ পৰা অসমত আৰম্ভ হৈছে ১৭ বছৰ অনূৰ্ধৰ জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ । অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধানত আৰু অসম ফুটবল সন্থাৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাৰ শনিবাৰে অনুষ্ঠিত হ’য় উদ্বোধনী অনুষ্ঠান । গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত বিভিন্ন ৰাজ্যৰ খেলুৱৈয়ে উপভোগ কৰিলে উদ্বোধনী অনুষ্ঠান । এই অনুষ্ঠানত উপস্থিত থাকিল সাংসদ কুইন ওজা, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে, ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীৰ দৰে বিশিষ্ট ব্যক্তিসকল । ৩৪ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখন অনুষ্ঠিত হয় তেলেংগনা আৰু দিল্লীৰ মাজত । গুৱাহাটীৰ পল্টন বজাৰৰ ছাই নিউ ফিল্ডত দ্বিতীয় মেচত খেলপথাৰত নামিল বিহাৰ বনাম মেঘালয় । এনে উন্নত মানৰ টুৰ্ণামেন্ট অসমত অনুষ্ঠিত কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে অসম ফুটবল সন্থাৰ বিষয়-ববীয়াসকল । উদ্বোধনী অনুষ্ঠান সফলতাৰে আয়োজন হোৱাৰ পাছত অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে প্ৰকাশ কৰিলে মনোভাৱ ।
এই অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হৈ পৰে সাংসদ কুইন ওজা । ক্ৰীড়াঙ্গনত মহিলাসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত এনে টুৰ্ণামেন্টে সহায় কৰিব বুলি আশাবাদী সাংসদ গৰাকী ।
উল্লেখযোগ্য যে, এই বৃহৎ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত হৈ পৰিছে অসমৰ জুনিয়ৰ মহিলা দলটো । ডিমাকুছি ষ্টেডিয়ামত অসম দলটো যুঁজিব হাৰিয়ানা, গুজৰাট ,পডুচেৰীৰ বিৰুদ্ধে ।
ক্ৰীড়া অনুৰাগীৰ আশা — অসমত জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হৈ উঠক । ফুটবলৰ ক্ৰীড়াঙ্গনত জিলিকি পৰক অসমৰ ক্ৰীড়া ক্ষেত্ৰ ।