Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত নৱম উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ

গুৱাহাটীত নৱম উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ

গুৱাহাটীত নৱম উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন: নৱম উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ । অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ উদ্যোগ । সমাবেশ ঘটিব উত্তৰ পূৰ্বাঞ্চলৰ শ্বুটাৰৰ ।

উত্তৰ পূৰ্বাঞ্চলৰ শ্বুটিং ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন অনাৰ লক্ষ্যৰে অসম ৰাইফল আৰু শ্বুটিং সন্থাই আয়োজন কৰিছ ” উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ ” । অহা ১০ ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ কাহিলীপাৰাৰ চতুৰ্থ আৰক্ষী বেটেলিয়ানৰ আছাম স্পৰ্টছ শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হ’ব এই সংবাগসুন্দৰ প্ৰতিযোগিতাখন । বুধবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত এই কথা জনালে সন্থাৰ সভাপতি তথা জ্যেষ্ঠ আৰক্ষী বিষয়া দিগন্ত বৰাই —

উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড আদিৰ ৰাজ্যৰ খেলুৱৈয়ে । ইয়াৰ উপৰি আৰ্মি মাৰ্কছমেনশ্বিপ গোট আৰু অসম ৰাইফল মাৰ্কছমেনশ্বিপ গোটে এই প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব । অসমৰ পৰা ৮২ গৰাকী শ্বুটাৰে শ্ৰেষ্ঠত্বৰ দৌৰত অৱতীৰ্ণ হ’ব । সৰ্বমুঠ ২৫৭ গৰাকী শ্বুটাৰে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনক লৈ আশাবাদী অসম ৰাইফল আৰু শ্বুটিং সন্থা ।

পুৰুষ – মহিলা উভয় শাখাতে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । ছাব জুনিয়ৰ, য়ুথ, জুনিয়ৰ, ছিনিয়ৰ, ছাৰ্ভিছ, মাষ্টাৰ শ্বুটাৰ শাখাত ক্ৰীড়াঙ্গনত নামি পৰিব বিভিন্ন ৰাজ্যৰ খেলুৱৈ । ১৩ ছেপ্টেবৰত অনুষ্ঠিত হ’ব বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠান ।

অসমৰ হৃদয় হাজৰিকাৰ দৰে আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰ আছে । অসমৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ খেলুৱৈসকলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব —এই প্ৰতিযোগিতাৰ জৰিয়তে অনাগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক বাছনি কৰা হ’ব । এই কথা জনালে অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ সভাপতি দিগন্ত বৰাই

উল্লেখযোগ্য যে, বুধবাৰে অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকিল অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ সভাপতি দিগন্ত বৰা, সম্পাদক ভৱ কলিতা, সদস্য ঋতুৰাজ ভাগৱতী, সদস্য বিনন্দ দত্তৰ লগতে সন্থাৰ বিষয়-ববীয়াসকল ।

ক্ৰীড়া অনুৰাগীৰ আশা – – নৱম উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হওক । এনে প্ৰতিযোগিতাৰ আচলত ধৰিয়েই বহুদূৰ আগুৱাই যাওক অসমৰ লগতে উত্তৰ-পূবৰ উদীয়মান শ্বুটাৰ । অসমত জন্ম হওক দ্বিতীয় গৰাকী হৃদয় হাজৰিকাৰ ।।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments