গুৱাহাটীত ফুটবলৰ উন্নতিৰ সন্দৰ্ভত ছেমিনাৰ

অলিম্পিয়াৰ প্ৰতিবেদক ঃ শেহতীয়াকৈ গুৱাহাটীত উত্তৰ-পূব ফুটবলৰ উন্নতি সন্দৰ্ভত এক বিশেষ ছেমিনাৰ অনুষ্ঠিত হৈ যায়। ড০ টি আও শতৰ্বৰ্ষীয় উদ্‌যাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত উত্তৰ-পূব ফুটবল উন্নয়ন বিষয়ক ছেমিনাৰখনত মিজোৰামৰ ফুটবল সন্থাৰ সম্পাদকগৰাকীয়ে নিজৰ ভাষণত কয় যে উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ শীৰ্ষ ক্লাবৰ মাজত হ’ম আৰ এৱে পদ্ধতিৰে উত্তৰ-পূব ফুটবল লীগৰ আয়োজন কৰিলে অঞ্চলটোৰ ফুটবলৰ উন্নতি হোৱাৰ লগতে জনপ্ৰিয়তা বৃদ্ধি পাব। আনহাতে, অসম ফুটবল সন্থাৰে সম্পাদক হেমেন ব্ৰহ্মই শীঘ্ৰে  উত্তৰ-পূব ফুটবল ফ’ৰাম এখন গঠন কৰি ফুটবলৰ উন্নতিৰ হকে কাম কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।ছেমিনাৰখনত উত্তৰ-পূবৰ উন্নতিৰ বাবে ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ক সুকীয়া ‘টাস্ক ফ’ৰ্চ  গঠনৰ বাবে অনুৰোধ জনায়। সমগ্ৰ উত্তৰ-পূবৰ ফুটবলৰ বিকাশৰ বাবে ছেমিনাৰখনত ১৪ বছৰ অনূৰ্ধ্বৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে এন ই চিলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ড০ টি আও শতবৰ্ষীয় উদ্‌যাপন সমিতিৰ সভাপতি স্বপ্ননীল বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ছেমিনাৰখনত উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ প্ৰতিনিধিৰ লগতে ছাইৰ গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড০ সুভাষ বসুমতাৰী, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰাক্তন ফুটবলাৰ দেৱাশিস ৰয়, মতিলাল দাস, পৱিত্ৰ গগৈকে আদি কৰি বহু কেইগৰাকী  বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *