Monday, July 4, 2022
HomeNewsগুৱাহাটীত লিটল মাষ্টাৰ ,ৰিয়ান পৰাগ সম্পৰ্কত উৎসাহী মন্তব্য

গুৱাহাটীত লিটল মাষ্টাৰ ,ৰিয়ান পৰাগ সম্পৰ্কত উৎসাহী মন্তব্য

গুৱাহাটীত লিটল মাষ্টাৰ ,ৰিয়ান পৰাগ সম্পৰ্কত উৎসাহী মন্তব্য

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীত লিটল মাষ্টাৰ । হোটেল ৰেদিচন ব্লুত টপচেম চিমেণ্টৰ কাৰ্যসূচী । গুৱাহাটীত ক্ৰিকেট সম্পৰ্কত কি কলে তেওঁ ? ৰিয়ান পৰাগ সম্পৰ্কত উৎসাহী মন্তব্য । টপচেম চিমেণ্টৰ এক বাণিজ্যিক কাৰ্যসূচীৰ অংশস্বৰূপে মংগলবাৰে গুৱাহাটীত উপস্থিত হ’ল ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী সুনীল মনোহৰ গাভাস্কাৰ

আৰু অধিক পঢ়ক

এসময়ত লিটল মাষ্টাৰ হিচাপে জনাজাত এইগৰাকী মহান ক্ৰিকেটাৰে ভাৰতীয় ক্ৰিকেট দলত অধিনায়কৰ দায়িত্ব পালন কৰিছিল । ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ হৈ সুনীল গাভাস্কাৰ আৰু গুণ্ডাপ্পা বিশ্বনাথৰ অপেনিং যুটি অত্যন্ত জনপ্ৰিয় আছিল । অসমৰ ক্ৰিকেট সম্পৰ্কত গাভাস্কাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । তেওঁ অসমৰ দৰে প্ৰান্তীয় ৰাজ্যত ক্ৰিকেটৰ প্ৰসাৰ আৰু বিকাশৰ পক্ষে মত আগবঢ়ায় । গুৱাহাটীৰ বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামত টেষ্ট ক্ৰিকেট আয়োজনৰো তেওঁ পোষকতা কৰে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

কিংবদন্তি ক্ৰিকেটাৰগৰাকীক সম্বৰ্ধনা জনালে অসম ক্ৰীড়া সাংবাদিক সন্থাই । লগতে অসমত ক্রীড়া সাংবাদিকতাৰ এশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰিবলগা অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিবলৈ উপস্থিত ক্ৰীড়া সাংবাদিকসকলে তেওঁক অনুৰোধ জনায় । অসমৰ উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগ সম্পৰ্কত তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । গাভাস্কাৰৰ মতে সদ্যসমাপ্ত আই পি এলত ৰিয়ানে সুন্দৰ ফিল্ডিং কৰিছে । তেওঁ অধিক পৰিশ্ৰমী হ’ব লাগিব । সুযোগৰ সদব্যৱহাৰ কৰিব পাৰিলে ৰিয়ানে এদিন ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ’ব ।

অসমবাসীৰ প্ৰতি আন্তৰিক অভিনন্দন জনাই বিদায় ললে এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ অহা সুনীল গাভাস্কাৰে । ৰেদিচন ব্লুৰ অনুষ্ঠানটোত উপস্থিত থাকিল টপচেম চিমেণ্টৰ শীৰ্ষ বিষয়াদ্বয় ডঃ অনিল কাপুৰ আৰু বজৰংগ লোহিয়া ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments