Monday, October 3, 2022
HomeNewsগুৱাহাটীত সফল সামৰণি পৰিল টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগৰ

গুৱাহাটীত সফল সামৰণি পৰিল টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগৰ

গুৱাহাটীত সফলতাৰে সামৰণি পৰা প্ৰথম বৰ্ষৰ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগত শ্ৰেষ্ঠত্বৰ সম্মান অৰ্জন কৰে হাউলিং ৱ’লভ্ছ দলে । ৮ এপ্ৰিলত গুৱাহাটীৰ দেশভক্ত তৰুনৰাম ফুকন ইন্ডৰ ষ্টেডিয়ামত আৰম্ভ হোৱা প্ৰথম বৰ্ষৰ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগৰ ফাইনেলত হাউলিং ৱ’লভ্ছ দলে ফিয়াৰলেছ লায়নছক পৰাস্ত কৰে । মেগা লীগখনৰ ১৬ টা দলত দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৪০ গৰাকী খেলুৱৈয়ে অংশ লৈছিল । য’ত ফিয়াৰলেছ লায়নছক দলে ৰানাৰ্চ আপ সম্মান লাভ কৰে । যুটীয়া ভাৱে তৃতীয় স্থান লাভ কৰে লেজী পান্ডা, ইলিউছিভ লিয়পাৰ্ড দলে । তিনিদিনীয়া আকৰ্ষণীয় লীগখনৰ অন্তত অনুষ্ঠিত বটা বিতৰনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা । দ্য ৰাজীৱ শইকীয়া স্পৰ্টছ ফাউন্ডেছনে আগবঢ়োৱা চেম্পিয়ন দলৰ এক লাখ টকাৰ প্ৰাইজমানী হাউলিং ৱ’লভ্ছ দলক প্ৰদান কৰে সাংসদ কলিতাই । বটা বিতৰনী অনুষ্ঠানত সাংসদগৰাকীৰ উপৰি ক্ৰীড়া সংগঠক পুলক গোস্বামী, অসম টেবুল টেনিছ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ দুৱৰা, কোষাধাক্ষ নয়ন শৰ্মা, আযোজক সমিতিৰ সভাপতি অমিতাভ বৰা, সচিৱ প্ৰধান মানস প্ৰতিম দাস প্ৰমুখ্যে আন কেবাজনো ব্যক্তি উপস্থিত থাকে । বটা বিতৰণিৰ পূৰ্বে দুটা সাংস্কৃতিক কাৰ্য্যসূচীও অনুষ্ঠিত কৰিছিল আয়োজক সকলে । মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত গ্লেমাৰিয়াছ লীগ খনে উঠি অহা টেবুল টেনিছ খেলুৱৈক যথেষ্ট উপকৃত কৰিব বুলি কয় প্ৰাক্তন টেবুল টেনিছ খেলুৱৈয়ে । টি টি প্ৰিমিয়াৰ লীগৰ প্ৰথম চাৰিটা দল হ’ল ক্ৰমে — চেম্পিয়ন হাউলিং ৱল্ভছৰ খেলুৱৈসকল — ৱেষ্টলি ডি ৰছাৰিঅ’ , ছাৰফৰাজ এইচ বৰা অধিৰাজা হাজৰিকা, তৃষা গগৈ, ধৃশান্ত বৰা, অনুষ্ণা দাস , আৰোহণ আমন দুৱৰা, কাজৰ কাৰ, জেফ , কৰিশ্মা, অংকিতা নাথ, বিশ্ৰুত , ফিজেল গগৈ , তান্দৰলী , অৰিআনা কাশ্যপ । ফাইনেলিষ্ট দল – ফিয়েৰলেছ লায়নছৰ খেলূৱৈসকল — বিবেক বৰা , হিমাংশু কলিতা , দিগন্ত মাহাতো , লিয়াহ এম হুছেইন , হৃতোজ্যতি , প্ৰাচী মজুমদাৰ , সৃদ্ৰাটি , আয়ুস ভট্ট, এনিশা ভট্ট, বিপ্ৰজিৎ পল , ৰাশি চেলেং , বুন , ফাইজান হুছেইন , আৰ্য্য ।
তৃতীয় স্থানপ্ৰাপ্ত লেজি পাণ্ডাছ দলৰ খেলুৱৈসকল — অগ্নিভ ভাস্কৰ গোহাঁই , তুষাৰ শৰ্মা , মঞ্জিল গন্ধিয়া, ভূমিকা কৌশিক , নিশান্ত ভট্ট , ধনিস্তা শইকীয়া , চৈয়দ আবু আৰ্ফান হুছেইন , ফাৰনাজ বেগম, অংশু নেওগ ,মান্যতা , জেনিথ শইকীয়া , প্ৰিয়াংশু হাজৰিকা, হৃষিক, প্ৰাঞ্জল , জিলি । যুটীয়াভাৱে তৃতীয়স্থানৰ দল ইলুছিভ লিঅ’পাৰ্ডৰ খেলুৱৈসকল —-ৰাহুল মালিক , হৃদয় জে শৰ্মা, ফাহীম এন এইছ বৰা, তনুশ্ৰী দত্ত , বেদাংগ নাথ, যশশ্ৰী কাশ্যপ , সাক্ষম জেইন , কাব্যিকা কাকতি, অঞ্চিত , নম্ৰতা, সুশান্ত, দিউ, অক্ষিতা বৰা, ঝৰ্ণা বৰা, কাশ্যপি শৰ্মা ।

YouTube player
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments